অসমৰ যুৱকে প্ৰস্তুত কৰা এটা এপ বিক্ৰী ৪১৬ কোটি টকাত

সমগ্ৰ বিশ্বতে চৰ্চা ডিব্ৰুগড়ৰ এজন যুৱকক লৈ। যুৱকজনে প্ৰস্তুত কৰা এটা এপ বিক্ৰী হৈছে ৫০ নিযুত মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় হিচাপত ৪১৬ কোটি টকাত।

author-image
Asomiya Pratidin
New Update
অসমৰ যুৱকে প্ৰস্তুত কৰা এটা এপ বিক্ৰী ৪১৬ কোটি টকাত

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে চৰ্চা ডিব্ৰুগড়ৰ এজন যুৱকক লৈ। যুৱকজনে প্ৰস্তুত কৰা এটা এপ বিক্ৰী হৈছে ৫০ নিযুত মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় হিচাপত ৪১৬ কোটি টকাত। ডিব্ৰুগড়ৰ কিষাণ বাগাৰীয়া নামৰ যুৱকজন ৯ মাহৰ অন্তত বৃহস্পতিবাৰে সুদূৰ নিউয়ৰ্কৰ পৰা ডিব্ৰুগড়ত উপস্থিত হয়হি।

Advertisment

কিষাণ বাগাৰীয়া নামৰ প্ৰতিভাৱান যুৱকজনে নিজৰ কাৰিকৰী কৌশলেৰে বিশ্বত উজলি উঠিছে। সমগ্ৰ বিশ্বতে আজিৰ দিনটোত কিষাণক লৈ চৰ্চা চলিছে৷

কম সময়ৰ ভিতৰত সামাজিক মাধ্যমত ব্যৱহাৰ কৰিব পৰাকৈ ৱেবছাইট নিৰ্মাণ কৰি উপাৰ্জন কৰিলে ভাৰতীয় মূল্যৰ ৪১৬ কোটি টকা ৷ বিশ্বৰ প্ৰতিষ্ঠিত ৱেব প্ৰতিষ্ঠান অট’মেটিক কোম্পানীয়ে ক্ৰয় কৰিলে কিষাণৰ মেছেজিং এপ'ছ টেক্স ডট কমক (Texts.Com)।

ডিব্ৰুগড়ৰ সন্তান কিষাণ বাঘাৰীয়াই নিৰ্মাণ কৰা এই টেক্স ডট কম ক্ৰয় কৰিলে ৫০ মিলিয়ন ডলাৰত ৷ ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিৰ নিবাসী ব্যৱসায়ী মহেন্দ্ৰ বাগাৰীয়া আৰু নবীতাৰ জোষ্ঠ পুত্ৰ কিষাণ বাগাৰীয়াই অট’মেটিক কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া মোলেন ৱে'গৰ সৈতে এক বুজাবুজি চুক্তিত স্বাক্ষৰিত হৈছে৷

বৰ্ডপ্ৰেছ ডট কম, টাম্বলৰ, পকেট কাষ্ট, ডোবান এপ, ৰো কমাৰ্চ আদিৰ দৰে জনপ্ৰিয় ৱেবচাইটসমূহক পৰিচালনা কৰা অটমেটিক কোম্পানীয়ে টেক্স ডট কম ক্ৰয় কৰাৰ পিছতে কিষাণ বাগানীয়াৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ৷ উল্লেখ্য যে কিষাণ বাগাৰীয়াই ডেভেলপ কৰা টেক্স ডট কমত ইনষ্টাগ্ৰাম, টুইটাৰ, মেছেঞ্জাৰ হোৱাট্‌ছপ, লিং ইন আদিৰ দৰে জনপ্ৰিয় সামাজিক মাধ্যমেৰ এপছসমূহ একেখন প্লেটফৰ্মতে উপলব্ধ কৰা হৈছে ৷

এই এপছসমূহত অহা মেছেজ সহজে বিয়পাই দিয়াৰো ব্যৱস্থা আছে টেক্স ডট কমত ৷ কিষাণ বাগাৰায়াই নিৰ্মাণ কৰা এই এপছটো অটামেটিক কোম্পানীয়ে ক্ৰয় কৰাৰ পিছত টুইটাৰৰ প্ৰাক্তন চি ই অ’ পৰাগ আগৰৱালাইয়ো শুভেচ্ছা জ্ঞাপন কৰিছিল ৷ আজি নিউয়ৰ্কৰ পৰা ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত উপস্থিত হোৱা কিষান বাগাৰিয়াই এইয়া তেওঁৰ কষ্টৰ তথা সাধনাৰ ফল বুলি উল্লেখ কৰা লগতে ভগৱানৰ সহায় বুলি কয়।

Also Read: আই এ এছ বিষয়া বৰ্ণালী ডেকালৈ Chartered Institute of Procurement and Supply ৰ CIPS উদ্ভাৱনী বঁটা...