আই এ এছ বিষয়া বৰ্ণালী ডেকালৈ Chartered Institute of Procurement and Supply ৰ CIPS উদ্ভাৱনী বঁটা...

আই এ এছ বিষয়া বৰ্ণালী ডেকালৈ Chartered Institute of Procurement and Supply ৰ CIPS উদ্ভাৱনী বঁটা...
আই এ এছ বিষয়া বৰ্ণালী ডেকালৈ Chartered Institute of Procurement and Supply ৰ CIPS উদ্ভাৱনী বঁটা...

ডিজিটেল সংবাদ দৌলাশালঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ জীয়ৰী তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ সুদক্ষ বিষয়া বৰ্ণালী ডেকাই নিজ কৰ্মদক্ষতাৰ বাবেই এটাৰ পিছত আন এটা বঁটাসহ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ বৰ্তমান নলবাৰী জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বৰ্ণালী ডেকাই কোকৰাঝাৰ জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা কালত জিলাখনত সূচনা কৰা “পোষণ ক্লাব, কোকৰাঝাৰ" আৰু “Innovation and Convergence in one district one product" ৰ বাবে Chartered Institute of Procurement and Supply য়ে আগবঢ়োৱা CIPS বঁটা-২০২৩ ৰ বাবে নিৰ্বাচিত হৈছে।

ভাৰতীয় এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ, হায়দৰাবাদৰ সূত্ৰৰ পৰা বুধবাৰে এই খবৰ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াগৰাকীৰ নেতৃত্বত জিলাখনত সূচনা কৰা উক্ত কৰ্মসূচী দুটাৰ “পোষণ ক্লাব, কোকৰাঝাৰ"ৰ জৰিয়তে জিলাখনৰ প্ৰায় সংখ্যক শিশুৰ পৰিপুষ্টি সাধন, স্বাস্থ্যৰক্ষাৰ সমান্তৰালকৈ “ইন'ভেচন এণ্ড কনভাৰ্জেন্স ইন ৱান ডিষ্ট্ৰিক্ট ৱান প্ৰডাক্ট"ৰ জৰিয়তে কাঠফুলা উৎপাদন কৰি ভালেসংখ্যক কৃষক, নিবনুৱা যুৱক-যুৱতী আত্মনিৰ্ভৰশীল হোৱাৰ সুযোগ লাভ কৰিছিল।

কাঠফুলাৰ প্ৰচুৰ উৎপাদনে জিলাখনক অৰ্থনৈতিকভাবেও এক মাত্ৰা প্ৰদান কৰিছে । জিলাখনৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ নেতৃত্বত জিলাখনৰ বিভিন্ন বিভাগত নতুনত্ব আনিবলৈও সক্ষম হৈছিল। উদ্ভাৱনী কৰ্মসূচী দুটাৰ লগত জড়িত সকলো পক্ষক ধন্যবাদ জ্ঞাপন কৰিছে সেই সময়ৰ কোকৰাঝাৰ জিলাৰ উপায়ুক্ত তথা বৰ্তমানৰ নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই ।

বৰক্ষেত্ৰীৰ জীয়ৰী বৰ্ণালী ডেকাৰ কৰ্মস্পৃহাৰ বাবেই লাভ কৰিলে এই বঁটা। বৰ্ণালী ডেকাৰ এই সফলতাত স্বাভাবিকতে উৎফুল্লিত হৈ পৰিছে নলবাৰীৰ লগতে বৰক্ষেত্ৰীবাসীও। বৰ্তমান নলবাৰী জিলা আয়ুক্ত হিচাপে কৰ্মৰত বৰ্ণালী ডেকাই নলবাৰী জিলাখনকো আগবঢ়াই নিব বুলি আশা প্ৰকাশ কৰে জিলাবাসীয়ে।

ভাৰতীয় প্ৰশাসনিক বিষয়া বৰ্ণালী ডেকাই ইতিপূৰ্বেও কৰ্মক্ষেত্ৰত দেখুওৱা অনবদ্য পাৰদৰ্শিতাৰ বাবে কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল ৷ আই.এ.এছ বৰ্ণালী ডেকাই গোৱালপাৰা জিলাৰ উপায়ুক্ত হৈ থকা অৱস্থাত লোক প্ৰশাসনত উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ সুবাদতে গোৱালপাৰা জিলালৈ প্ৰদান কৰা হৈছিল প্ৰধানমন্ত্ৰী পুৰস্কাৰ-২০২০ ।

এচপাৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰেমৰ বাবে এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল জিলাখনে৷ প্ৰণিধানযোগ্য যে, ২০০৯ চনত ভাৰতীয় প্ৰশাসনিক সেৱা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বিষয়া গৰাকীয়ে ২০০৭ চনত ভাৰতীয় আৰক্ষী সেৱাৰ পৰীক্ষাতো উত্তীৰ্ণ হৈছিল ।

কোকৰাঝাৰ, গোৱালপাৰা, গোলাঘাট, বৰপেটা আদি জিলাত দক্ষতাৰে কাৰ্যনিবাহ কৰি অহা শ্ৰীমতী ডেকাক গুণগত আৰু দক্ষতা সম্পন্ন সেৱাৰ বাবে ভালেকেইটা বঁটাৰে সন্মানিত কৰা হৈছে।

আই এ এছ বিষয়া বৰ্ণালী ডেকালৈ Chartered Institute of Procurement and Supply ৰ CIPS উদ্ভাৱনী বঁটা...
দেৱব্ৰত বৰাৰ একান্ত প্ৰচেষ্টাত ৰাস পূৰ্ণিমালৈ সাজু বৃন্দাবন মঞ্চ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in