অসম সাহিত্য সভাৰ উদ্যোগত আয়োজিত দিহানামৰ বিশেষ অনুষ্ঠান সম্পন্ন

অসম সাহিত্য সভাৰ উদ্যোগত আয়োজিত দিহানামৰ বিশেষ অনুষ্ঠান সম্পন্ন

author-image
Asomiya Pratidin
New Update
অসম সাহিত্য সভাৰ উদ্যোগত আয়োজিত দিহানামৰ বিশেষ অনুষ্ঠান সম্পন্ন

ডিজিটেল সংবাদ, দুলীয়াজান : অসম সাহিত্য সভাৰ এখন গুৰুত্বপূৰ্ণ সমিতি অসমৰ পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন সমিতিৰ উদ্যোগত অসমৰ জাতীয় জীৱনৰ শিপা সদৃশ প্ৰাচীন পৰিৱেশ্য কলাবোৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে অসম সাহিত্য সভাৰ পৰামৰ্শমৰ্মে এলানি কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লোৱা হৈছে।

Advertisment

তাৰ বিশেষ অংশ হিচাপে ১৩ নৱেম্বৰত দুলীয়াজান বিহুতলীত অনুষ্ঠিত ষষ্ঠদশ দুলীয়াজান ৰাষ্ট্ৰীয় গ্ৰন্থমেলাত অসম সাহিত্য সভাৰ লোক পৰিৱেশ্য কলা সংৰক্ষণ সংবৰ্ধন সমিতিৰ উদ্যোগত দিহানামৰ এক বিশেষ কেন্দ্ৰীয় অনুষ্ঠান সম্পন্ন হয়। দুলীয়াজান সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক মনোজ কুমাৰ দত্তই আঁত ধৰা এই অনুষ্ঠান উদ্বোধন কৰে দুলীয়াজান সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেমেন নেওগে।

বিশিষ্ট লোকশিল্পী কমলা গগৈয়ে নিৰ্দিষ্ট বক্তা হিচাপে ভাগ লৈ দিয়া ভাষণ প্ৰসংগত দিহানামৰ বিভিন্ন দিশ পৰ্যালোচনা কৰে। অনুষ্ঠানত অসমৰ পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন সমিতিৰ আহ্বায়ক ডাঃ সমৰ তালুকদাৰে এই সমিতিৰ ভৱিষ্যৎ কৰ্মপন্থা সন্দৰ্ভত বিৱৰি কয়।

সমিতিৰ কাৰ্যকৰী সভাপতি মধুসূদন মেধি আৰু অসম সাহিত্য সভা পত্ৰিকা সম্পাদনা সমিতিৰ সদস্য তথা নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই এই অনুষ্ঠানত ভাগ লৈ দুলীয়াজান সাহিত্য সভাৰ ইতিবাচক কাৰ্যক্ৰমৰ বাবে শলাগ লয়।

দুলীয়াজান ক্লাব মহিলা দিহানাম দল আৰু সপ্তসুৰ মহিলা দিহানাম দলে দিহানাম পৰিৱেশন কৰি অনুষ্ঠানটো বাৰুকৈ প্ৰাণবন্ত কৰি তোলে। দুলীয়াজান সাহিত্য সভাৰ সভাপতি ৰঞ্জন মহন্ত, উপ সভাপতি ব্ৰজেন গগৈ আৰু সম্পাদক লোহিত দত্তৰ বিশেষ সহযোগিতাৰে সম্পন্ন হোৱা অনুষ্ঠানত বহু সংখ্যক লোক উপস্থিত থাকে।

Also Read: মহানগৰীৰ পাঞ্জাবাৰীত বিধ্বংসী অগ্নিকাণ্ড : আঁতচবাজীৰ পৰাই অগ্নিসংযোগৰ সন্দেহ

assam sahitya sabha