জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত টেঙাখাতত যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত উত্তাল প্ৰতিবাদ

জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত টেঙাখাতত যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত উত্তাল প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত টেঙাখাতত 
যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ,টেঙাখাত : ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত তথা দুলিয়াজান বিধানসভা সমষ্টিৰ গড়কাপ্তানি বিভাগৰ দুলিয়াজান ক্ষেত্ৰীয় পথ উপ-সংমণ্ডল টেঙাখাত কাৰ্যালয়ৰ অধীনৰ দুলিয়াজান-টিংৰাই চাৰিআলি-টেঙাখাত -লাহোৱাল সংযোগী পথটো একেবাৰে জৰাজীৰ্ণ হৈ পৰিছে। যাৰ বাবে ছাত্ৰ ছাত্ৰীকে ধৰি সকলো শ্ৰেণী ৰাইজৰ যাতায়তত পানীত হাঁহ নচৰা অৱস্থাত পৰিণত হৈছে।

Advertisment

এনেবোৰ এশ এবুৰি সমস্যাৰে জৰ্জৰিত ভুক্তভোগী ৰাইজে দেওবাৰে এক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টেঙাখাত আৰু দুলিয়াজান আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

দেওবাৰে দিনৰ প্ৰায় ১১-৩০ বজাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,টেঙাখাত সমিতি আৰু দুলিয়াজান আঞ্চলিক সমিতিৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। গৌৰাংগ গগৈ,নৱজ্যোতি বুঢ়াগোহাঁই,পাৰ্থপ্ৰতীম কোঁৱৰৰ লগতে ভালেসংখ্যক নেতা-কৰ্মীয়ে টিংৰাই চাৰিআলিৰ উল্লেখিত পথৰ কাষত সমবেত হৈ প্ৰতিবাদী বেনাৰ লৈ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদকাৰীসকলে 'এ জে ৱা ই চি পি জিন্দাবাদ','জয় আই অসম','জৰাজীৰ্ণ পথ নিৰ্মাণত ব্যৰ্থ সাংসদ ৰামেশ্বৰ তেলী মুৰ্দাবাদ', বিধায়ক তেৰচ গোৱালা মুৰ্দাবাদ, তেৰচ গোৱালা কাম নাই, বি জে পি গ'বেক আদি শ্ল'গানৰে পৰিৱেশ উত্তাল কৰি তোলে। দিনৰ প্ৰায় ১২-২০ বজাত টেঙাখাত ৰাজহ চক্ৰ বিষয়া নিতুল খাটনিয়াৰ প্ৰতিবাদস্থলীত উপস্থিত হোৱাত আঞ্চলিক সমিতিৰ সভাপতি গৌতম বৰুৱা, ভাৰপ্ৰাপ্ত সম্পাদক নিশান্ত চমুৱা আৰু দুলিয়াজান আঞ্চলিকৰ সভাপতি পল্লৱ গগৈ স্বাক্ষৰিত ডিব্ৰুগড় জিলা উপায়ুক্তলৈ সম্বোধন কৰা এখন স্মাৰক পত্ৰ প্ৰদান কৰি প্ৰতিবাদী কাৰ্যসূচী সমাপ্ত কৰে।

স্মৰ্তব্য যে , উক্ত স্মাৰক পত্ৰৰ জৰিয়তে উল্লেখিত পথটো নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে ইয়াৰ অন্যথা ৰাইজৰ হাৰাশাস্তিৰ প্ৰতি লক্ষ ৰাখি পথ অৱৰোধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

Also Read: আপৰ আদৰ্শগত ছাত্ৰ সংগঠন 'ছাত্ৰ যুৱ সংগ্ৰাম সমিতি'ৰ কার্যনির্বাহক সভা

asom jatiyatabadi yuba chatra parishad