লাহোৱালৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কৃত্ৰিম বান...

এজাক বৰষুণতেই এটা ৰাষ্ট্ৰীয় ঘাইপথ পৰিণত হৈ পৰে নদীলৈ। সঘনে কৃত্ৰিম বানপানীৰ কবলত পৰে ডিব্ৰুগড় জিলাৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ

author-image
Asomiya Pratidin
New Update
লাহোৱালৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কৃত্ৰিম বান...

ডিজিটেল সংবাদ, লাহোৱালঃ এজাক বৰষুণতেই ৰাজ্যৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ পৰিণত হৈ পৰে নদীলৈ। সঘনে কৃত্ৰিম বানপানীৰ কবলত পৰে ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । এজাক বৰষুণতেই ঘাইপথৰ ওপৰত প্ৰায় ১ কিলোমিটাৰ জুৰি সৃষ্টি হৈছে একাঁঠু পানী। ফলত তীব্ৰ যান-যটে জ্বলা কলা খুৱাইছে সাধাৰণ ৰাইজক । এই ক্ষেত্ৰত কোনো ধৰণৰ কাণহাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰধিকৰণৰ বিৰুদ্ধে ।

Advertisment

প্ৰশাসন অথবা ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণ লৈ বাট নাচায় ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এই সমস্যা সমাধানৰ বাবে নিজেই আগবাঢ়ি ওলাই আহে সমাজসেৱক অজয় গগৈ । নিজা প্ৰচেষ্টাৰে জেচিবিৰে খান্দি পানী যোৱাৰ বাবে ব‍্যৱস্থা কৰি দিয়ে অজয় গগৈয়ে ।

বৰ্তমানে পথৰ বহু স্থানত সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁত। গাঁত থকা স্থানত কোনো যাত্ৰী দুৰ্ঘটনাত পতিত হৈ মৃত‍্যু অথবা ঘূণীয়া হোৱাৰ পূৰ্বেই অতি শীঘ্ৰেই ইয়াৰ এক স্থায়ী সমাধানৰ দাবী জনাইছে অঞ্চলবাসী ৰাইজে।

Also Read: পানীৰ পাইপ দিল্লীতো ফুটে, কেৰেলাতো ফুটেঃ মুখ্যমন্ত্ৰী

national highway