/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/99a9b019-ec60-4731-94dc-2c27276ca0f9/himanta.jpg)
ডিজিটেল ডেস্কঃ মহানগৰীৰ নৱগ্রহ মন্দিৰ দৰ্শন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ । শনিবাৰে মন্দিৰ দৰ্শন কৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য কৰে মুখ্যমন্ত্রীগৰাকীয়ে । মন্দিৰ দৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ধৰ্মীয় স্থানসমূহ পৰ্যটনস্থলীলৈ পৰ্যবসিত কৰাৰ চেষ্টাৰ সন্দৰ্ভত মন্তব্য প্ৰদান কৰে । লগতে নৱগ্ৰহ মন্দিৰ জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ হিচাপে স্বৰ্গদেউসকলে নিৰ্মাণ কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "সেইকাৰণে আমি জ্যোতিষ চৰ্চাৰ এটা কেন্দ্ৰ প্ৰতিষ্ঠাৰ বাবে চিন্তা-চৰ্চা কৰিছো । অসমলৈ পৰ্যটক অনাৰ ক্ষেত্ৰত আমি ধৰ্মীয় আৰু ঐতিহাসিক পৰ্যটন এই দুটাক লৈ চকু দিছো ।"
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতিৰ সন্দৰ্ভতো মন্তব্য প্ৰদান কৰি কয়, "এইবাৰ বৰষুণ কম । লগতে তুলনামূলকভাৱে মহানগৰীত সমস্যা কম হৈছে । কিন্তু কমটো কম বৰষুণৰ বাবে হৈছে নে, ভাল ব্যৱস্থাৰ বাবে হৈছে দুয়োটা এটা প্ৰশ্নবোধক চিন ।" মুখ্যমন্ত্ৰীগৰাকীয়ে আত্মসন্তুোষ্টি নলৈ বিভাগীয় কৰ্তৃপক্ষক ক্লিনিঙৰ কাম কৰি থাকিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ কথাও উল্লেখ কৰে ।
মহানগৰীৰ বহু পথ নিৰ্মাণৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "এতিয়া পথ নিৰ্মাণ কৰিলে ঠিকাদাৰে পইচা খাব । পথ নিৰ্মাণ কাম ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ'ব । জুনৰ পৰা আগষ্ট লৈকে মেৰামতিৰ কাম কৰা নহয় । কিয়নো পথ নিৰ্মাণ কৰিলে বৰষুণে ৰাতিপুৱাই ৰাস্তা উটুৱাই লৈ যাব । সেইবাবেই আমি পূজাৰ আগত পথ নিৰ্মাণ কৰা হয় । ১ ছেপ্তেম্বৰৰ পৰা কাম হাতত লৈ পূজাৰ আগতে গুৱাহাটী ধুনীয়া কৰি দিম ।"
জাইকাৰ পাইপ ফুটাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "কেৰেলাত ২২ হাজাৰ পাইপ ফুটিছে । পানীৰ পাইপ ফুটিবই, খালী ফুটাৰ লগ লগেই বন্ধ কৰি দিব লাগে । আপোনালোকে গুগল কৰিলে দেখিব পানীৰ পাইপ দিল্লীতো ফুটে, কেৰেলাতো ফুটে । পানীৰ পাইপ ফুটাটো কোনেও ৰখাব নোৱাৰে । কিন্তু পাইপ ফুটিলে নিয়ন্ত্ৰণ কক্ষত লগে লগেই গম পাব লাগে আৰু বন্ধ কৰিব লাগে ।"
Also Read: দুৰ্নীতিগ্ৰস্ত নেতাক গ্ৰেপ্তাৰৰ দাবীত ঢকুৱাখনা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ...