মাকুম পথাৰ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ...

মাকুম পথাৰ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ কৰি মাৰ্ঘেৰিটা মাকুম পথাৰ পঞ্চায়ত কাৰ্য্যালয়ত সভানেত্ৰীৰ সংবাদমেল ।
মাকুম পথাৰ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ...

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ মাকুম পথাৰ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ কৰি মাৰ্ঘেৰিটা মাকুম পথাৰ পঞ্চায়ত কাৰ্য্যালয়ত সভানেত্ৰীৰ সংবাদমেল ।

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা মাকুম পথাৰ পঞ্চায়তৰ সভানেত্ৰী মাম্পী সিং দত্তৰ বিৰুদ্ধে বুধবাৰে আগবন্ধা বেঙ্গলী গাওঁৰ একাংশ হিতাধিকাৰীয়ে চৰকাৰী আঁ‌চনীৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

বৃহস্পতিবাৰে মাৰ্ঘেৰিটা মাকুম পথাৰ পঞ্চায়ত কাৰ্য্যালয়ত এক সংবাদমেল সন্মোধন কৰি মাকুম পথাৰ পঞ্চায়তৰ সভানেত্ৰী মাম্পী সিং দত্তই তেখেতৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ নসাৎ কৰি এইয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি মন্তব্য প্ৰদান কৰে ।

লগতে সভানেত্ৰীগৰাকীয়ে কয় যে যিহেতু আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে গতিকে এনে ভিত্তিহীন অভিযোগ উত্থাপন হোৱাটো স্বাভাবিক।

অন্যহাতে যিসকল হিতাধিকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল তেখেতসকলে ইতিমধ্যে বিভিন্ন চৰকাৰী আঁ‌চনী লাভ কৰিছে বুলি কোৱাৰ লগতে কয় যে যিসকলে নিজকে বিজেপি দলৰ কৰ্মী বুলি কৈছে তেওঁলোক প্ৰকৃততে ডলাৰ বগৰী হে বুলি অভিহিত কৰে।

এই সংবাদমেলৰ পাছত প্ৰতিবাদী হিতাধিকাৰী সকলে কি প্ৰতিক্ৰিয়া দিয়ে সেইয়া পৰৱৰ্তী সময়ত লক্ষনীয় হ'ব ।

মাকুম পথাৰ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ...
অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱালৈ 'যোগেশ দাস সোঁৱৰণী' বঁটা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in