/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/c3738bee-d243-488c-9981-dcf30ef7e594/jayanta_sir.jpg)
অসমীয়া প্ৰতিদিন' কাকতৰ সম্পাদক জয়ন্ত বৰুৱালৈ যোগেশ দাস সোঁৱৰণী বঁটা প্ৰদান
ডিজিটেল সংবাদ, তিনিচুকীয়াঃ সোণালী জয়ন্তী বৰ্ষ গৰকা ঐতিহাসিক ডুমডুমা ৰাজহুৱা ৰঙালী বিহু সন্মিলনে এইবাৰ পোন প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰিছে কথা সাহিত্যিক 'যোগেশ দাস সোঁৱৰণি বঁটা' । ডুমডুমাৰ সু-সন্তান তথা "ডাৱৰ আৰু নাই" গ্ৰন্থৰ শ্ৰষ্ঠা যোগেশ দাস স্মাৰক এই বঁটা প্ৰথমবাৰৰ বাবে আগবঢ়োৱা হয় 'অসমীয়া প্ৰতিদিন' কাকতৰ সম্পাদক তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক ।
অসমৰ সংবাদ ক্ষেত্ৰখনলৈ বিশেষ বৰঙণি আগবঢ়োৱা তথা প্ৰথম অসমীয়া অভিধান 'হেমকোষ'ৰ ব্ৰেইল সংস্কৰণ প্ৰকাশেৰে গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতি লাভ কৰি অসমীয়া ভাষাক আৰু অধিক সমৃদ্ধিশালী কৰা বাবে জয়ন্ত বৰুৱাক এই বঁটাৰে সন্মানিত কৰা হয় । ডুমডুমা ৰাজহুৱা ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ সভাপতি ডা: প্ৰণৱজ্যোতি ডেকাৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী, মুকুলি সভা আৰু সম্বৰ্দ্ধনা অনুষ্ঠানত বৰুৱাদেৱক সম্বৰ্ধনা পত্ৰ, স্মাৰক, গামোচা, চেলেং, শৰাই আৰু এটা পাগুৰিৰে উদযাপন সমিতিয়ে সন্মানিত কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/7ad29929-4dfd-4c04-8af9-7dccaac2c092/88ddbf39_1ce9_458d_8c82_3a7a2ac8ea69.jpg)
বৰুৱাদেবৰ সহধৰ্মিনী ৰুবী বৰুৱাকো উদযাপন সমিতিৰ তৰফৰ পৰা ফুলাম গামোচা আৰু স্মাৰকেৰে সন্মানিত কৰে । ইয়াৰ লগে লগে বৰুৱাদেৱক আছু, যুৱ-ছাত্ৰ পৰিষদ, মৰাণ ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, আটছাৰ ডুমডুমা আঞ্চলিক সমিতিৰ লগতে ডুমডুমা শাখা সাহিত্য সভা, ডুমডুমা প্ৰেছ ক্লাব, ডুমডুমা মহিলা সমিতি, ডুমডুমা ভোজপুৰী সমাজ, ডুমডুমা চেম্বাৰ অৱ কমাৰ্চ, গুঞ্জন মন্টেশ্বৰী প্ৰী স্কুল আদি বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে উষ্ম সম্বৰ্ধনা জনায় ।
উল্লেখ্য যে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা স্বনামধন্য সাহিত্যিক যোগেশ দাসৰ স্মৰণত প্ৰৱৰ্তন কৰা এই বঁটা এতিয়াৰে পৰা ধাৰাবাহিকভাৱে প্ৰদান কৰা হ'ব বুলি উদযাপন সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a3914825-1f5f-489a-8d4e-92bc2f788e3c/cb91477a_6825_48c4_a38d_723d307d42a7.jpg)
তদুপৰি বিগত ২০১৪ চনৰ পৰা ধাৰাবাহিকভাৱে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ সোঁৱৰণত গছপুলি ৰোপন, বিতৰণ আৰু প্ৰতিপালন কাৰ্যসূচী ৰূপায়ন কৰি অহা পৰিৱেশ সুৰক্ষা সমিতি, অসমে বৰুৱা ডাঙৰীয়াক গামোচা, চেলেং, গছপুলি আদিৰে উষ্ম সম্বৰ্ধনা জনায় । এই সম্বৰ্ধনা অনুষ্ঠানত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাৰ লগতে কেইবাগৰাকীও কৰ্মকৰ্তা উপস্থিত থাকে ।
বঁটা গ্ৰহণ কৰি সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰীা জয়ন্ত বৰুৱাই কয় যে বিহু আমাৰ জাতীয় উৎসৱেই নহয় , এই বিহুৱে ধৰ্ম, ভাষা নির্বিশেষে বিভিন্ন জাতি - জনগোষ্ঠীক একত্ৰিত কৰি সমাজখনক সুস্থিৰ আৰু শক্তিশালী কৰি ৰাখে । ডুমডুমা হাঁহচৰা বাগিচাত জন্ম হৈছিল স্বনামধন্য ব্যক্তি যোগেশ দাসদেৱৰ ৷
পোনপ্ৰথমবাৰ যোগেশ দাসৰ দৰে মহান ব্যক্তি এগৰাকীৰ সন্মানার্থে প্ৰৱৰ্তন কৰিছে যোগেশ দাস বঁটা । এই বঁটাৰ বাবে মোক বাছনি কৰা বিষয়টো মই অস্বীকাৰ কৰিব নোৱাৰিয়ে ইয়াত উপস্থিত হৈছোহি । কিয়নো এইগৰাকী মহান সাহিত্যিকে সাহিত্য সাধনাৰে আমাৰ ভাষা-সাহিত্যৰ ক্ষেত্ৰখনলৈ বহু বৰঙণি আগবঢ়াই থৈ যায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/b3e097cf-01fe-4a3e-9bc1-8a6c1d70bae1/9c976972_e3bb_4df7_bac3_54d58f776c5b.jpg)
জীৱনকালত সাহিত্য একাডেমী , অসম উপত্যকা বঁটা লাভ কৰাৰ উপৰি অসম সাহিত্য সভাৰ সন্মানীয় সভাপতিৰ পদ অলংকৃত কৰি গৈছে । গুৱাহাটীত শিক্ষা লৈ সাংবাদিকতা, সাহিত্য সাধনা, অধ্যাপনা কৰা যোগেশ দাস অসমীয়াৰ মাজত সদায় ধ্ৰুৱতৰাৰ দৰে জিলিকি থাকিব ।
আনহাতে তেওঁ বঁটা লাভ কৰা দুখন গ্ৰন্থ ‘পৃথিৱীৰ অসুখ' আৰু ‘ডাৱৰ আৰু নাই’ এই নাম দুটাই অসমীয়াৰ সংকট আৰু ইয়াৰ পৰা উদ্ধাৰৰ বাবে যুগে যুগে , চামে চামে চলোৱা প্ৰচেষ্টাৰ আভাস দিয়ে ।
এইখিনিতে মই স্মৰণ কৰিব খুজিছো আমাৰ প্ৰ-পিতামহ ওজা হেমচন্দ্ৰ বৰুৱাদেৱক । তেখেতে প্রণয়ন কৰা অসমীয়া ব্যাকৰণ আৰু ‘হেমকোষ ’ অভিধানে অসমীয়া ভাষাটোক জ্যোতিষ্মান কৰি গ'ল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/8da00457-c3ff-4aa5-810a-af754c15abec/ed270155_8f2b_4946_8db8_fc555497ebe9.jpg)
ব্যাকৰণ আৰু অভিধান অবিহনে এটা ভাষা চিৰস্থায়ী হ’ব নোৱাৰে । হেমচন্দ্ৰ বৰুৱাই প্ৰণয়ন কৰা ‘হেমকোষ ছপা আখৰত প্ৰকাশ পাইছিল তেওঁৰ মৃত্যুৰ চাৰি বছৰৰ পিচত ।
হেমকোষ’ৰ হেৰাই যোৱা পাণ্ডুলিপি উদ্ধাৰ কৰি ছপা আকাৰত প্ৰকাশ কৰাৰ মূল ভূমিকা লৈছিল হেমচন্দ্ৰ গোস্বামীয়ে । পৰৱৰ্তী দুটা তাঙৰণ প্ৰকাশ কৰিছিল আমাৰ ককা আনন্দ বৰুৱাই ।
ইয়াৰ পাচৰ দহটা তাঙৰণ সম্পাদন কৰা আমাৰ পিতৃ হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাৰ ২০১১ চনত মৃত্যু হয় । এই চতুৰ্দশ তাঙৰণৰ বিগত দহ বছৰত তিনিবাৰকৈ পুনৰ মুদ্ৰণ কৰিবলগা হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/3147ee37-f5e8-4627-8912-3658d1ca7480/56288cf9_981d_4163_97d3_910bd61b41dd.jpg)
শেহতীয়াকৈ পঞ্চদশ তাঙৰণৰ সম্পাদনাৰ কামো কেইগৰাকীমান ভাষা বিশেষজ্ঞৰ তত্ত্বাৱধানত চলি আছে । এইসকলৰ নেতৃত্ব বহন কৰিছে বিশিষ্ট ভাষাবিদ ড ° বসন্ত গোস্বামী , ড ° মালিনী গোস্বামী আৰু ড ° উপেন ৰাভা হাকাচামে ।
হেমকোষৰ ব্ৰেইল সংস্কৰণৰ প্ৰসংগত জয়ন্ত বৰুৱাই কয়- দীৰ্ঘদিন ধৰি অসমৰ -দৃষ্টিহীন শিশু, কিশোৰ তথা শিক্ষাৰ্থীয়ে অসমীয়া ভাষাটো শুদ্ধকৈ আহৰণৰ ক্ষেত্ৰত বাধা আছিল ।
সেইবাবে হেমকোষ’ৰ চতুৰ্দশ তাঙৰণটি ব্রেইল লিপিত প্ৰকাশ আৰু বিনামূলীয়াকৈ এইখন পঢ়াৰ সুবিধা কৰি দিয়াৰ এক আন্তৰিক প্ৰচেষ্টা চলোৱা হৈছিল । ১৩৯৮ পৃষ্ঠাৰ ‘ হেমকোষ'খন ব্রেইল লিপিত ছপা কৰোতে মুঠ পৃষ্ঠা হ'লগৈ ১০,২৭৯ পৃষ্ঠা আৰু ইয়াৰ বাবে প্ৰয়োজন হয় ২১ টা খণ্ড তথা ৬ টা উপ - খণ্ডৰ ।
মুঠ ৯০,৬৪০ টা শব্দৰে পৰিপুষ্ট এই ব্রেইল হেমকোষখনৰ মুঠ ওজন হয়গৈ ৮২ কেজি ৪০০ গ্রাম । সেইবাবে এই ব্রেইল অভিধানখনক ‘ গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ড ’ - এ বিশ্বৰ সৰ্ববৃহৎ দ্বিভাষিক ব্রেইল অভিধান হিচাপে স্বীকৃতি প্রদান কৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/8e75ea16-2d38-4374-99cf-d6c7fcb8ba61/97127e13_2a7b_49a2_845d_45ddf0de0d51.jpg)
এই স্বীকৃতিয়ে অসমীয়া ভাষাক বিশ্ব দৰবাৰত এটা নতুন ৰূপত প্ৰতিষ্ঠা কৰিছে আৰু ইয়াৰ বাবে মই সমূহ অসমবাসী ৰাইজক অভিনন্দন জ্ঞাপন কৰিছো ।
দৃষ্টিহীনসকলক শব্দৰ পোহৰেৰে আলোকিত কৰাৰ এনে বিনম্র প্রয়াসেৰে আজি আমি যি গভীৰ প্ৰশান্তি লাভ কৰিছো, সেয়া কোনো ঐশ্বর্য - বিভূতি বা প্রাপ্তিয়ে দিব নোৱাৰে বুলি মই ভাবো ।
অসমৰ ভাষা - সাহিত্য , শিক্ষা , সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ অভূতপূর্ব সেৱা আগবঢ়াই যোৱা যোগেশ দাসদেৱৰ নামত উৎসর্গিত বঁটা ল'বলৈ আহি মই নিজকে ধন্য হোৱা বুলি অনুভৱ কৰিছো বুলি বৰুৱাদেৱে উল্লেখ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/0beec86d-23ea-4b28-abcf-d6ccd4ffdbbd/9c8bf984_c0e8_4b8c_8dba_06526616b0a8.jpg)
ইফালে ডুমডুমাৰ প্ৰাক্তন বিধায়ক দিলিপ মৰাণে উদ্বোধন কৰা মুকলি সভাত দেবেন ডেকা আৰু পদ্মজিৎ মৰাণৰ যুটীয়া সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ 'বিহুৱান' উন্মোচন কৰে বিশিষ্ট কবি শ্বৰীফা খাতুন চৌধুৰীয়ে । মুকলি সভাত আমন্ত্রিত বিশিষ্ট ব্যক্তিসকলৰ লগতে জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকে ।
জনপ্ৰিয় কন্ঠশিল্পী দীক্ষুৰ লগতে কেইবাগৰাকীও শিল্পীয়ে গীত পৰিৱেশন কৰিবলগা সাংস্কৃতিক সন্ধিয়াৰ শুভ উদ্বোধন কৰে ঝুমুইৰ সম্ৰাটখ্যাত পদ্মশ্রী দুলাল মানকিয়ে ।
উল্লেখ্য যে যোৱা ৯ মে'ৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ডুমডুমা নগৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত ৫৩ সংখ্যক ডুমডুমা ৰাজহুৱা ৰঙালী বিহু সন্মিলনখনি সফল কৰি তুলিবলৈ উদযাপন সমিতিৰ সভাপতি ডাঃ প্ৰণৱজ্যোতি ডেকা, কাৰ্যকৰী সভাপতি জিতু ডেকা আৰু সুৰজিৎ মৰাণ, যুটীয়া সম্পাদক ৰাণা সোণাৰ আৰু জয়কান্ত মৰাণে অহোপুৰুষাৰ্থ কৰি সন্মিলনখনিৰ সফল সামৰণি পেলায় ।
Also Read: প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ 'ডক্টৰেট অফ ল' সন্মান...