"মুখ‍্যমন্ত্ৰীয়ে বিচাৰিলে পত্নীৰ ঋণৰ টকাৰে কিনা ঘৰখনো চৰকাৰক দিবলৈ সাজু" -অখিল গগৈ

মুখ‍্যমন্ত্ৰীয়ে বিচাৰিলে কৃষক মুক্তিৰ নামত থকা কাজিৰঙা অৰ্কিড উদ‍্যান গতাই দিব চৰকাৰক। কিন্তু অসম চৰকাৰৰ সমবায় সমিতিৰ তত্বাৱধানত পৰিচালিত অৰ্কিত উদ‍্যান খন মুখ‍্যমন্ত্ৰীয়ে পত্নীক গতাব নোৱাৰিব।

author-image
Asomiya Pratidin
New Update
"মুখ‍্যমন্ত্ৰীয়ে বিচাৰিলে পত্নীৰ ঋণৰ টকাৰে কিনা ঘৰখনো চৰকাৰক দিবলৈ সাজু" -অখিল গগৈ

ডিজিটেল সংবাদ বৰবৰুৱা: ডিব্ৰুগড়ৰ বৰবৰুৱা চ‍্যুকাফা ভৱনত অনুষ্ঠিত ৰাইজৰ দলৰ বিশাল গণসমাবেশত অংশগ্ৰহণ কৰি মুখ‍্যমন্ত্ৰীৰ বিৰুদ্ধে আক্ৰমনাত্মক হৈ পৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। সভাত ভাষন প্ৰদান কৰি তেওঁ কয় যে, মুখ‍্যমন্ত্ৰীয়ে বিচাৰিলে কৃষক মুক্তিৰ নামত থকা কাজিৰঙা অৰ্কিড উদ‍্যান গতাই দিব চৰকাৰক। কিন্তু অসম চৰকাৰৰ সমবায় সমিতিৰ তত্বাৱধানত পৰিচালিত অৰ্কিত উদ‍্যান খন মুখ‍্যমন্ত্ৰীয়ে পত্নীক গতাব নোৱাৰিব।

Advertisment

তেওঁ লগতে ক‌য় যে, মুখ‍্যমন্ত্ৰী আৰু মুখ‍্যমন্ত্ৰীৰ পত্নীৰ নামত থকা ভূমি, ৰিজ'ৰ্ট, চাহ বাগিচা তথা আন আন সম্পত্তি সমূহ চৰকাৰক গতাই দিব লাগিব। তদুপৰি মুখ‍্যমন্ত্ৰীয়ে যদি বিচাৰে অধ‍্যাপিকা পত্নীৰ ঋণৰ টকাৰে ক্ৰয় কৰা ৭৮ লাখ টকীয়া গুৱাহাটীৰ ঘৰখনো চৰকাৰক দিবলৈ সাজু হৈ থকা বুলি মন্তব্য কৰিছে অখিল গগৈয়ে।

একেদৰে "বিজিপি চৰকাৰৰ দিনত সামগ্ৰীৰ মুল‍্যবৃদ্ধি সহ‍্য কৰিব নোৱাৰি। বাজপেয়ি চৰকাৰৰ দিনত পিঁয়াজৰ দাম ১০০ টকালৈ বৃদ্ধি পোৱাৰ বাবে চৰকাৰ পতন হৈছিল। এতিয়া ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৪০০ টকাৰ পৰা ১২০০ টকালৈ বৃদ্ধি পালে। এনেবোৰ কাৰ্যৰ বাবে দেশৰ মানুহে বিজেপিৰ বিৰূদ্ধে ক্ষুন্ন হৈছে। বিজেপিয়ে এফালৰ পৰা আমাৰ সকলো সম্পদ কুক্ষিগত কৰি এফালৰ পৰা বণিয়াক গতাই দিছে। মুখ‍্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দিনত সুৰক্ষিত নহয় খিলঞ্জীয়াৰ মাটি। একালত যেনেদৰে ছালফাৰ জয়ন্ত হাজৰিকাৰ নাম শুনিলেই যেনেদৰে মানুহে ভয় কৰিছিল, এতিয়া মুখ‍্যমন্ত্ৰীৰ পত্নীৰ ৰিণিকি ভূঁঞা শৰ্মাৰ নাম শুনিলেই অসমীয়া মানুহে ভয় কৰিবলৈ আৰম্ভ কৰিছে" আদি বিভিন্ন মন্তব্য়ৰে ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰে শিৱসাগৰৰ বিধায়ক গৰাকীয়ে।

উল্লেখযোগ্য যে ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি কবিন্দ্ৰ চেতিয়া ফুকনৰ পৌৰহিত্যত অনুষ্ঠিত সভাত প্ৰায় দু‌ই শতাধিক বিভিন্ন দলৰ নেতা কৰ্মীয়ে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে। এই সভাতে পদুম পোণা বৰুৱাক সভাপতি, সুনিল সোনোৱাল, হিতেশ গগৈ আৰু জিতেন্দ্ৰ নাথ উজীৰক কাৰ্যকৰী সভাপতি, জয়দ্বীপ মালি মিহিৰ, বিশ্বজিৎ চেতিয়া, ৰাতুল গগৈক সাধাৰণ সম্পাদক হিচাপে লৈ ৰাইজৰ দলৰ ডিব্ৰুগড় জিলা সমিতিৰ ৫১ জনীয়া এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়। সভাত ৰাইজৰ দলৰ প্ৰশাসনিক সাধাৰণ সম্পাদক চিন্ময় বৰা, সম্পাদক ৰাতুল গগৈ আদিকে ধৰি দলৰ ভালেকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে।

Also Read: বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি পোৱাৰ দিশে চৰাইদেউ

akhil gogoi