'কা' আহিলে অসমীয়া ভাষা অসমতে সংখ্যালঘু হৈ পৰিবঃ আপ

'কা' আহিলে অসমীয়া ভাষা অসমতে সংখ্যালঘু হৈ পৰিবঃ আপ

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে বুধবাৰে নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত বিৰোধীয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি কৰা মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আম আদমি পাৰ্টীয়ে। বৃহস্পতিবাৰে আয়োজিত এক সংবাদমেলত আম আদমি পাৰ্টীৰ ৰাজ্যিক নেতা হেমন্ত ফুকনে সোণোৱালক ওভতি ধৰি প্ৰশ্ন কৰে যে বিজেপিয়ে বিৰোধীৰ ওপৰত অভিযোগ অনাৰ সময়ত তেওঁলোকে পাহৰি গৈছে যে নাগৰিকত্ব সংশোধনী আইন উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ইয়াক বলবৎ কৰিলে।

উল্লেখ্য যে সোণোৱালে মন্তব্য কৰিছিল যে 'কা' এতিয়া সমগ্ৰ দেশতে বলবৎ হোৱা এখন আইন। এই আইনক যদি কোনোবাই বিৰোধিতা কৰিছে তেন্তে উচ্চতম ন্যায়ালয়লৈ যাওক, মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰিব।

আম আদমি পাৰ্টীয়ে প্ৰথমৰে পৰা কৈ আহিছে যে 'কা'য়ে অসমৰ ভাষা-সংস্কৃতি ধ্বংস কৰি অসমীয়া জাতিটোকে মৃত্যুৰ মুখলৈ লৈ যাব। ২০০১ আৰু ২০১১ চনৰ লোকপিয়লৰ তথ্যতে অসমত অসমীয়াভাষীৰ সংখ্যা আৰু বাঙালীভাষীৰ সংখ্যাৰ উদ্বেগজনক তাৰতম্য দেখা পোৱা গৈছে। ১৯৯১ৰ লোকপিয়লত অসমত অসমীয়াভাষীৰ হাৰ আছিল ৫৭.৮১ শতাংশ। ২০১১ চনত ই কমি গৈ অসমত অসমীয়াভাষীৰ হাৰ হয়গৈ ৪৮.৩৮ শতাংশ। ইয়াৰ বিপৰীতে ১৯৯১ৰ লোকপিয়ল মতে অসমত বাঙালীভাষীৰ হাৰ ২১.৬৭ শতাংশ আৰু ২০০১ৰ লোকপিয়লত এই হাৰ বৃদ্ধি হৈ ২৭.৫৪ শতাংশ হয়ছেগৈ। গতিকে 'কা'ৰ জৰিয়তে বাংলাদেশৰ পৰা অধিক বিদেশী অসমত সংস্থাপিত কৰিলে অসমীয়া ভাষা অসমতে সংখ্যালঘু হৈ পৰিব আৰু অসমীয়া জাতি বুলি কোনো এটা জাতি নাথাকিবগৈ। সেয়ে আপে এই আইনৰ তীব্ৰ বিৰোধিতা কৰে।

আম আদমি পাৰ্টীয়ে অভিযোগ কৰে যে অসমত যুগ যুগ ধৰি বাস কৰি থকা ভাষিক সংখ্যালঘুসকলৰ লগতো বিজেপিয়ে প্ৰতাৰণাৰ জাল তৰিছে। নাগৰিকত্ব সংশোধনী আইনৰ অধীনত এজন লোকে নাগৰিকত্ব পাবলৈ প্ৰথমে তেওঁ প্ৰথমে নিজকে শৰণাৰ্থী বুলি আদালতত শপতনামা দিব লাগিব। অৰ্থাৎ তেওঁলোকক বিজেপিয়ে ৰাষ্ট্ৰহীন কৰি এক অনিশ্চিত ভৱিষ্যতলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰ কৰিছে।

অসম তথা ভাৰতত কোটি কোটি নিবনুৱা আছে। অসমৰ ডেকা ল'ৰাই কাম বিচাৰি বহিঃৰাজ্যলৈ যাবলগীয়া হৈছে। অসমৰ লাখ লাখ পৰিয়ালে এতিয়াও থাকিববলৈ মাটি এডোখৰ পোৱা নাই। ইয়াৰ পাছতো বিজেপিয়ে বিদেশৰ পৰা মানুহ আনি ইয়াত সংস্থাপন দিব বিচৰাটো ভাৰতীয় নাগৰিকৰ প্ৰতি চৰম অন্যায়। এই অন্যায়ৰ বিৰুদ্ধে আম আদমি পাৰ্টীয়ে মাত মাতি যাব বুলি উল্লেখ কৰে।

বিজেপিয়ে কয় যে নাগৰিকত্ব সংশোধনী আইনে অসমীয়াক সুৰক্ষিত কৰিব বুলি কৰা মন্তব্যক আম আদমি পাৰ্টীয়ে বিজেপিৰ অপপ্ৰচাৰ বুলি অভিহিত কৰে। এই আইনে খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা নকৰে বাবেই অসমৰ ষষ্ঠ অনুসূচিৰ বি টি আৰ, কাৰ্বি আংলং বা ডিমা হাচাওত এই আইন বিজেপিক বলবৎ কৰিবলৈ দিয়া নাই।

'কা' আহিলে অসমীয়া ভাষা অসমতে সংখ্যালঘু হৈ পৰিবঃ আপ
প্ৰয়াত আৰক্ষী বিষয়া ভুধৰ বৰা সোঁৱৰণত ক্ৰিকেট প্ৰাইজমানি খেল প্ৰতিযোগিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in