ডিজিটেল সংবাদ, ঘিলাধাৰীঃ আঠখেলীয়া পঞ্চায়তৰ বৰকছাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে প্ৰয়াত আৰক্ষী বিষয়া ভুধৰ বৰা সোঁৱৰণত অনুষ্ঠিত হৈছে ক্ৰিকেট প্ৰাইজমানি টেনিছ বল প্ৰতিযোগিতা৷
বৃহস্পতিবাৰে প্ৰথম দিনা কাৰ্যসূচী অনুসৰি দিনৰ ১১ বজাত পতাকা উত্তোলন কৰে বিশিষ্ট কবি ৰাণু বৰাই৷ খেল উদ্ধোধন কৰে স্থানীয় সমাজকৰ্মী ভদ্ৰেশ্বৰ হাজৰিকাই ৷ সভা আঁতধৰে বিজয় হাজৰিকাই৷
সভাত বৰকছাৰী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰত্ন বড়া,বৰকছাৰী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ চেনিৰাম হাজৰিকা, প্ৰতিদিন টাইমৰ সাংবাদিক কুমুদ বৰা,বৃহত্তৰ অসমীয়া যুৱমঞ্চৰ যোৰহাট জিলাৰ সভাপতি বিজয় হাজৰিকা,যুৱ সমাজকৰ্মী দেৱজিৎ পাঠক আদি উপস্থিত থাকে৷প্ৰথম দিনা প্ৰতিযোগিতাত বিভিন্ন স্থানৰ দহটা ক্ৰিকেট দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে৷
Also Read: পাণ্ডিয়াই বুমৰাহক গুৰুত্বহীন কৰাৰ পৰিণতিঃ হায়দৰাবাদত ৰেকৰ্ডৰ বৰষুণ...