অক্ষয় প্ৰণৱ কলিতালৈ ২০২৩ ৰ উদ্ভাৱনীমূলক যুৱ সাংবাদিক বঁটা...

অক্ষয় প্ৰণৱ কলিতালৈ ২০২৩ ৰ উদ্ভাৱনীমূলক যুৱ সাংবাদিক বঁটা...

author-image
Asomiya Pratidin
New Update
অক্ষয় প্ৰণৱ কলিতালৈ ২০২৩ ৰ উদ্ভাৱনীমূলক যুৱ সাংবাদিক বঁটা...

অক্ষয় প্ৰণৱ কলিতালৈ ২০২৩ ৰ উদ্ভাৱনীমূলক যুৱ সাংবাদিক বঁটা...

ডিজিটেল সংবাদ নামৰূপঃ শিক্ষা আৰু ব্যৱসায়িক বিকাশৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ব্যৱসায়িক পৰামৰ্শ, শিক্ষা পৰামৰ্শ, প্ৰতিষ্ঠান ৰেংকিং, আই টি সেৱা, উদ্ভাৱনীমূলক যুৱ সাংবাদিকতাত সক্ষমতা দেখুওৱাসকলক স্বীকৃতি দিছে  ইণ্ডিয়ান গ্ল'ৰী ২০২৩ হিচাপে। এইবাৰ ইণ্ডিয়ান গ্ল'ৰী এৱাৰ্ড ২০২৩ ৰ উদ্ভাৱনীমূলক যুৱ সাংবাদিক বঁটাৰ বাবে নিৰ্বাচিতহৈছে নামৰূপৰ অক্ষয় প্ৰণৱ কলিতা।   

Advertisment

আজি সন্ধ্যা সামাজিক মাধ্যম যোগে কাঁইট ক্ৰফ্ট প্ৰডাকছনে(KITE SKRAFT production) এই বঁটাসমূহ ঘোষণা কৰে। এই বঁটাত থাকিব মান পত্ৰ, ট্ৰফী আৰু মেডেল। উল্লেখযোগ্য যে, অক্ষয় প্ৰণৱ কলিতাই ২০১৬ চনৰ পৰা ইংৰাজী আৰু হিন্দী  বাতৰি কাকতত সক্ৰিয় ভাবে সেৱা আগবঢ়াই আহিছে।

কলিতাই ইংৰাজী, হিন্দী আৰু অসমীয়া ভাষাৰ কেইবাখনো কাকতৰ সৈতে জড়িত হৈ সংবাদ সেৱা আগবঢ়াই আহিছে। নামৰূপৰ বাসিন্দা অক্ষয় প্ৰণৱ কলিতা বন বিষয়া প্ৰণৱ কলিতা আৰু সাংবাদিক স্মৃতি ৰেখা কলিতাৰ একমাত্ৰ পুত্ৰ।

Also Read: খৰি কাটিবলৈ গৈ কিদৰে মৃত্যু হ'ল কুনেশ্বৰৰ...

নামৰূপ