
ডিজিটেল ডেস্ক: ডিব্রুগড়ৰ লাহোৱালত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এগৰাকী কিশোৰীক ৩দিন ধৰি ধৰ্ষণ কৰে পাষণ্ডই।
বেবেজিয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা। এই ঘটনা সন্দৰ্ভত ৩জনক আটক কৰিছে আৰক্ষীয়ে।
ঘটনাৰ মূল অভিযুক্ত ভাইজান আলীকো আটক কৰিছে আৰক্ষীয়ে। লগতে ঘটনাৰ সৈতে জড়িত আন দুজনকো আটক কৰে।
মাতৃয়ে অচেতন অৱস্থাত উদ্ধাৰ কৰে কিশোৰী গৰাকীক। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। তদন্তৰ পাছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা।
আৰু পঢ়ক: চতিয়াত ক্ৰিকেটাৰৰ ৰূপত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ