/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/crime.jpg)
ডিজিটেল সংবাদ, ডিব্ৰুগড়: ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া থানাৰ অন্তৰ্গত ধলাজান চাহ বাগিচাত শনিবাৰে সন্ধিয়া এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় । প্ৰথমে চুনিল তাঁতি নামৰ ৩৫ বছৰীয়া লোকজনে ৪ বছৰীয়া এটি শিশুক নিজ ঘৰতে খেলি থকা অৱস্থাত ডিঙি কাটি হত্যা কৰৰ অভিযোগ উত্থাপন হয় ।
তাৰ পিছতেই অঞ্চলটোৰ ৰাইজ খঙত অগ্নিশৰ্মা হোৱাত পৰিবেশ উত্তপ্ত হৈ পৰে । ৰাইজে ৪ বছৰীয়া দেৱ শিশুটিক হত্যা কৰাৰ অভিযুক্ত চুনিল তাঁতি নামৰ হত্যাকাৰী জনক খেদি খেদি মাৰি পথাৰৰ মাজত খেৰ খৰি দি জ্বলাই দিয়ে । ৰাইজৰ অভিযোগ অনুসৰি মানসিক ভাৱে বিকাৰগ্ৰস্ত আছিল চুনিল তাঁতি ।
দেৱ শিশুটি সমনীয়াৰ সৈতে খেলি থকাৰ সময়তে সংঘটিত হৈছিল এই ঘটনাটো । ৪ বছৰীয়া দেৱ শিশুটি জোনাকী মুড়া আৰু ৰাণা মুড়াৰ সন্তান বুলি জানিব পৰা গৈছে । এই ঘটনা সংঘটিত হোৱা পিছতেই শিশুটোক হত্যা কৰা চুনিল তাঁতীক ৰাইজে খেদি খেদি প্ৰহাৰ কৰি পথাৰৰ মাজত খেৰ আৰু খৰিৰে জ্বলাই দিয়ে বুলি জানিব পৰা গৈছে ।
সমগ্ৰ অঞ্চলটোৰ ৰাইজে উত্তেজিত হৈ এই পদক্ষেপ লোৱাৰ পিছতেই সেই অঞ্চলটোত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে কাকোৱেই কেমেৰা কৰিবলৈ বাধা প্ৰদান কৰে । পাছত ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ লগতে ৰহমৰীয়া আৰক্ষী উক্ত ঘটনা স্থলীত উপস্থিত হৈ পৰিবেশ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । নিশা আৰক্ষীয়ে দুয়োটা মৃতদেহ ৰহমৰীয়া থানালৈ লৈ আহে ।