/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/6e24bed8-7297-4618-bd9f-169fa428a481/download.jpg)
dibrugarh
ডিজিটেল ডেস্ক : মঙলবাৰে ডিব্ৰুগড় চহৰত সংঘটিত হয় এক শোকাৱহ ঘটনা। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হয় এজন লোক। প্ৰাপ্ত খবৰ অনুসৰি সন্ধানহীন হোৱা লোকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
ব্রহ্মপুত্রত সন্ধানহীন হোৱা লোকজনৰ নাম মিঠু বাছফৰ। এছ.ডি.আৰ.এফৰ অভিযানত মিঠু বাছফৰৰ মৃতদেহ উদ্ধাৰ কৰা হয়। পুৱা ব্রহ্মপুত্রত গংগা স্নান কৰিবলৈ গৈ সন্ধানহীন হৈছিল মিঠু।