মামাক এবাৰ লগ কৰিবলৈ আহি হিয়াভঙা কান্দোন এগৰাকী যুৱতীৰ...

কেবিনেট বৈঠকলৈ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অহাৰ খবৰ পোৱাৰ পাছতে এতিয়া ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ভিৰ কৰিছে জিলাৰ বিভিন্ন প্ৰান্তৰ বিশেষ ভাৱে সক্ষম লোক সকল।

author-image
Asomiya Pratidin
New Update
মামাক এবাৰ লগ কৰিবলৈ আহি হিয়াভঙা কান্দোন এগৰাকী যুৱতীৰ...

ডিজিটেল সংবাদ, ডিব্ৰুগড়: সোমবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব ৰাজ্যিক কেবিনেট বৈঠক। কেবিনেট বৈঠকলৈ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অহাৰ খবৰ পোৱাৰ পাছতে এতিয়া ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ভিৰ কৰিছে জিলাৰ বিভিন্ন প্ৰান্তৰ বিশেষ ভাৱে সক্ষম লোক সকল।

Advertisment

সকলোৰে এটাই আশা মুখ্যমন্ত্রীক ওচৰৰ পৰা লগ কৰাৰ লগতে নিজৰ সমস্যা কোৱাৰ কথা কিন্তু নিৰাপত্তাৰক্ষীয়ে কাকো ডিব্ৰুগড় জিলা উপাযুক্ত কাৰ্যালয়ত প্ৰৱেশৰ অনুমতি দিয়া নাই । ফলত ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখতে অসহায় ভাৱে ৰ'ব লগা ভাৱে হৈছে বিশেষ ভাৱে সক্ষম যুৱক- যুৱতী সকল।

মুখ্যমন্ত্রীক লগ কৰাৰ অনুমতি নাপায় সংবাদ মাধ্যমৰ আগত হিয়া ঢাকুৰি কান্দিছে এগৰাকী বিশেষ ভাৱে সক্ষম এগৰাকী যুৱতীয়ে। ইয়াৰ পূৰ্বে ডিব্ৰুগড়লৈ মুখ্যমন্ত্রী আহোঁতে লগ কৰিবলৈ আহিছিল যদিও আৰক্ষীয়ে লগ কৰাৰ সুবিধা নিদিলে।

সেয়ে এইবাৰ অতি আশাৰে ৰেখা চুৱে নামৰ যুৱতী গৰাকী আহিও পুনৰ উপায়ুক্ত কাৰ্যালয়ৰ ভিতৰলৈ আহিবলৈ অনুমতি লাভ নকৰাত কান্দোনত ভাগি পৰিছে । আনহাতে যুৱতী গৰাকীৰ লগতে আন বহুজনে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মুখ্যমন্ত্ৰীক লগ কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে ।

আৰু পঢ়ক: তিতাবৰত সদৌ অসম ভিত্তিত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা

cabinet himanta biswa sarma