তিতাবৰত সদৌ অসম ভিত্তিত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা

তিতাবৰ তিনি আলি যুৱ সমাজৰ উদ্যোগত আৰু যুৱ আঞ্জুমানৰ সহযোগত অনুষ্ঠিত হৈছে সদৌ অসম ভিত্তিত ১ লাখ টকাৰ প্ৰাইজমাণি দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
 তিতাবৰত  সদৌ অসম ভিত্তিত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা

ডিজিটেল সংবাদ, বেকাজানঃ তিতাবৰ তিনি আলি যুৱ সমাজৰ উদ্যোগত আৰু যুৱ আঞ্জুমানৰ সহযোগত অনুষ্ঠিত হৈছে সদৌ অসম ভিত্তিত ১ লাখ টকাৰ প্ৰাইজমাণি দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দেওবাৰৰ পৰা অহা ১ফেব্ৰুৱাৰী লৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা । কালি সন্ধিয়া প্ৰয়াত পি কে বৰুৱা আৰু হৰেশ্বৰ সন্দিকৈ প্ৰতিছবিত একো গছকি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দাতা পৰিয়ালৰ প্ৰয়াত হৈ পি.কে. বৰুৱাৰ সহধৰ্মিনী মাচু বৰুৱা,আৰু প্ৰয়াত শিক্ষক হৰেশ্বৰ সন্দিকৈৰ পুত্ৰ দীপক সন্দিকৈয়ে ।

Advertisment

ইয়াৰ পিছত তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থাৰ সম্পাদক ইউছুফ আলিয়ে উদ্বোধন কৰে। আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক মণ্টুচ্ কোঁৱৰ , সাংবাদিক ৰাজু বৰা অজয় শইকীয়া অমৰিজত সিঙ ৰাজপুত , ছাজিদ আহমেদ মনিজত হাজৰিকা , সঞ্জীৱ দত্ত নৱীন বৰদলৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক সঞ্জীৱ ৰাজখোৱাই ।

এই প্ৰতিযোগিতাখনত চেম্পিয়ন দলক ১ লাখ ১১ হাজাৰ টকাৰ প্ৰাইজমাণি আৰু ট্ৰফী প্ৰদান কৰা হব। লগতে ফাইনেল খেলত মেন অফ দা মেচ, মেন অফ দা চিৰিজ, বেষ্ট বলাৰ,বেষ্ট বেটছমেন,বেষ্ট ফিল্ডাৰ পুৰস্কৃত কৰা হ'ব।

আৰু পঢ়ক: ৰাহুল গান্ধীয়ে ক'লে, 'ভাৰত জোড়ো যাত্ৰা'ৰ সময়ত কিয় পিন্ধা নাছিল চুৱেটাৰ...

cricket