ডিব্রুগড়ত ওৰেনিশা দুৰ্নীতি নিবাৰক শাখাই চলালে অভিযান...

পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাক গ্রেপ্তাৰ

author-image
Asomiya Pratidin
New Update
ডিব্রুগড়ত ওৰেনিশা দুৰ্নীতি নিবাৰক শাখাই চলালে অভিযান...

dibrugarh arrest

ডিজিটেল ডেস্ক : ডিব্রুগড়ত ওৰেনিশা দুৰ্নীতি নিবাৰক শাখাই চলালে অভিযান। অভিযানত পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাক গ্রেপ্তাৰ কৰাৰ লগতে হাজৰিকাৰ বাসগৃহৰ পৰা বহু নথি-পত্র, নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়।

ইয়াৰ পিছতে এনফ’ৰ্চমেণ্ট বিষয়া উজ্জ্বল বৰুৱাৰ বাসগৃহতো তালাচী চলালে দুৰ্নীতি নিবাৰক শাখাই। জ্যোতিনগৰস্থিত বাসগৃহত অভিযান চলাই জব্দ কৰে নগদ ৮২ হাজাৰ টকা। আনহাতে শীঘ্ৰেই দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়ত উজ্জ্বল বৰুৱাক হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে।

ইফালে পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ একাধিক বিষয়াৰ বাসগৃহতো নিশা তালাচী চলোৱা হয়। নিম্নবৰ্গৰ সহায়িকা দিতিমণি গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত চলিছিল এই অভিযান।

assam dibrugarh