দেশী-বিদেশী পক্ষীৰ কোৰ্হালত প্ৰাণচঞ্চল পক্ষীবিল মতাপুং মাগুৰি বিল...

দেশী-বিদেশী পক্ষীৰ কোৰ্হালত প্ৰাণচঞ্চল পক্ষীবিল মতাপুং মাগুৰি বিল...

প্ৰচুৰ প্ৰাকৃতিক আৰু খনিজাত সম্পদত চহকী উজনি অসমৰ তিনিচুকীয়া জিলা যিদৰে কাঠ, কয়লা, খাৰুৱা তেল আৰু চাহ উদ্যোগৰ বাবে বিখ্যাত সেইদৰে বিখ্যাত জীৱ-বৈচিত্ৰ্যৰে ভৰপূৰ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ বিশ্ববিখ্যাত বন-ঘৰচীয়া ঘোঁৰা আৰু নদী শিহু (Gangetic River Dolphin)ৰ বাবে ।

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ প্ৰচুৰ প্ৰাকৃতিক আৰু খনিজাত সম্পদত চহকী উজনি অসমৰ তিনিচুকীয়া জিলা যিদৰে কাঠ, কয়লা, খাৰুৱা তেল আৰু চাহ উদ্যোগৰ বাবে বিখ্যাত সেইদৰে বিখ্যাত জীৱ-বৈচিত্ৰ্যৰে ভৰপূৰ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ বিশ্ববিখ্যাত বন-ঘৰচীয়া ঘোঁৰা আৰু নদী শিহু (Gangetic River Dolphin)ৰ বাবে । তদুপৰি প্ৰচুৰ কমলা উৎপাদন হোৱা বাবে অৰেঞ্জ চিটি নামেৰেও খ্যাতি আছে তিনিচুকীয়াৰ ।

জিলাখনৰ অৰুণাচল সীমান্তৱৰ্তী ডিৰাক অঞ্চলত প্ৰচুৰ পৰিমাণে নেমু টেঙা উৎপাদিত হোৱা বাবে অঞ্চলটো 'লেমন জ'ন, হিচাপে স্বীকৃতি লভিছে । এনে বহু সম্পদৰ মাজতে চহকী জিলাখনক পৰ্যটনৰ ক্ষেত্ৰত পৰিচয় কৰাই দিছে পক্ষীবিল হিচাপে পৰিচিত মতাপুং মাগুৰি বিলে ।

তিনিচুকীয়া চহৰৰ প্ৰায় দহ কিল'মিটাৰ নিলগত অৱস্থিত পৰিভ্ৰমী চৰাইৰ স্বৰ্গভূমি বিশ্ববিখ্যাত এই মতাপুং মাগুৰি বিল পৰ্যটনৰ ক্ষেত্ৰত তিনিচুকীয়া জিলাক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে ।জীৱ-বৈচিত্ৰ্যৰে ভৰপূৰ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা প্ৰায় দহ কিল'মিটাৰ ব্যাসাৰ্ধৰ এই বৃহৎ বিলখনলৈ সম্প্ৰতি আগমন ঘটিছে দেশী-বিদেশী অসংখ্য চৰাই-চিৰিকটি ।

অজস্ৰ পক্ষীৰ কোৰ্হালত প্ৰাণচঞ্চল হৈ পৰিছে মতাপুং মাগুৰি বিল । বিভিন্ন প্ৰজাতিৰ স্থানীয় পক্ষীৰ লগতে পৰিভ্ৰমী পক্ষীয়ে বিচৰণ কৰা বিলখনলৈ বছৰৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ পৰা বিদেশী পক্ষীৰ আগমন ঘটে আৰু মাৰ্চ-এপ্ৰিল মাহলৈ বিলখনত বিচৰণ কৰে। স্থানীয় পক্ষীসমূহ বছৰৰ সকলো সময়তে বিলখনত বিচৰণ কৰি থকা প্ৰত্যক্ষ হয়।

মতাপুং-মাগুৰি বিলত প্ৰায় ৩০০ টাতকৈ অধিক প্ৰজাতিৰ চৰাই আৰু হাঁহ বিচৰণ কৰাৰ তথ্য পঞ্জীয়ণ হৈছে । আনকি বিলখনত বিভিন্ন প্ৰজাতিৰ মাছ আৰু প্ৰায় ৬ টা প্ৰজাতিৰ কাছও পোৱা যায়। বিগত বৰ্ষত পৃথিৱী বিখ্যাত পৰিভ্ৰমী চৰাই 'মেনডাৰিণ ডাক' বিলখনত দেখা পোৱা গৈছিল ।

এই পৰিভ্ৰমী চৰাইসমূহ চাবলৈ প্ৰতি বছৰে দেশী-বিদেশী পৰ্যটক আহি উপস্থিত হয় মতাপুং-মাগুৰি বিলত। ২৭°৩৪'৪৯.৯২" ৰ পৰা ২৭°৩৪'৩৪.৯৮" উত্তৰ অক্ষাংশ লৈ আৰু ৯৫°২১'৩৭.৬৮" ৰ পৰা ৯৫°২৪'১১.৩৯" পূৰ্ব দ্ৰাঘিমাংশলৈ বিস্তৃত মতাপুং মাগুৰি বিলক IBA (Important Bird Area) হিচাপে Birdlife International and Bombay Natural History Society নামৰ বেচৰকাৰী সংস্থাই স্বীকৃতি প্ৰদান কৰিছে। বিলখনক শেহতীয়াকৈ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ সংমণ্ডলৰ পৰিৱেশ সংবেদনশীল অঞ্চল (Eco Sensitive Zone) হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে।

প্ৰকৃতিৰ মনোমোহা পৰিৱেশৰ মাজত তথা অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ তিনিচুকীয়া জিলা সদৰৰ নিচেই কাষত অৱস্থিত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ-পূব দিশত থকা মাগুৰি বিলখনত উপলব্ধ প্ৰচুৰ পৰিমাণৰ মাছ-পুঠিক লৈ ইয়াৰ নিকটৱৰ্তী গঞাই জীৱন-নিৰ্বাহ কৰি আহিছে । অলেখ প্ৰজাতিৰ চৰাই-চিৰিকতিৰ বিচৰণৰ মাজতে স্থানীয় গঞাৰ মৎস চিকাৰৰ বিৰল দৃশ্যই বিলখনৰ মাধুৰ্য বৃদ্ধিত অৰিহণা যোগাইছে ।

পিছে চৰকাৰী আঁচনিৰ আওঁতাৰ বাহিৰত এই বিখ্যাত বিলখন। পৰ্যটনৰ সম্ভাৱনীয়তাৰলগতে প্ৰচুৰ মাছ-কাছৰে পৰিপূৰ্ণ বিলখনৰ উন্নয়ন তথা সংৰক্ষণৰ বাবে চৰকাৰে আগ্ৰহ কৰা পৰিলক্ষিত হোৱা নাই । কেৱল পৰ্যটকৰ সুবিধাৰ বাবে আগবাঢ়ি অহা উদীয়মান টুৰিষ্ট গাইডসকলক লাইন্সেছ প্ৰদান কৰিয়েই দায়িত্ব সামৰিছে চৰকাৰে। বিলখনত কোনোধৰণৰ সুৰক্ষা ব্যৱস্থা নথকাৰ ফলত বিশ্ববিখ্যাত পৰিভ্ৰমী চৰাইসমূহ দুষ্কৃতিকাৰীৰ কবলত পৰিছে ।

মাছ-কাছও অবাধে চিকাৰ কৰাৰ ফলত জৈৱ-বৈচিত্ৰ্যতাতো বিৰূপ প্ৰভাৱ পৰিছে । জানিব পৰা মতে গাঁৱৰ কিছুসংখ্যক সচেতন লোক আৰি প্ৰকৃতিপ্ৰমীয়ে নিঃস্বাৰ্থভাৱেবিলখনৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত নিজৰ অৱদান আগবঢ়াই আহিছে। বিলখনৰ সুৰক্ষা, জৈৱ-বৈচিত্ৰ্যৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত অঞ্চলবাসী ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ উঠিছে ।

বিগত তিনি-চাৰিবছৰ আগলৈকে পাঁচ-ছয়হেজাৰ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী হাঁহ দেখিবলৈ পোৱা বিলখনত সম্প্ৰতি ইবিলাকৰ সংখ্যা কমি আহিছে। সমগ্ৰ বিলখন মেটেকাৰে পৰিপূৰ্ণ হৈ পৰিছে । বিলখনৰ চাৰিওকাষে থকা গাঁৱসমূহৰ প্ৰায় ২০ শতাংশ লোকে জীৱন নিৰ্বাহৰ বাবে পোনপটীয়াকৈ এই মাগুৰি বিলৰ ওপৰতে নিৰ্ভৰশীল। এই লোকসকলে বিলৰ মাছ-পুঠি মাৰি বিক্ৰী কৰিয়েই নিজৰ পৰিয়াল পোহপাল দি আহিছে।

চৰকাৰৰ তৰফৰ পৰা বিলখনৰ সংৰক্ষণৰ ক্ষেত্ৰত এই লোকসকলৰ ভূমিকা আৰু সজাগতা সৃষ্টিৰ বাবেও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । মাৰ্শ বাবলাৰ, ছোৱাম্প প্ৰিনিয়া, ব্লেক ব্ৰেষ্টটেড পেৰটবিল, জেৰ্ডন'ছ বাবলাৰ , ছোৱাম্প ফ্ৰিনকলিন বিলখনৰ কাষৰ ঘাঁহনিত পোৱা এই পাঁচবিধ বিপদাপন্ন প্ৰজাতিৰ চৰাইৰ চাবলৈ দেশী-বিদেশী পক্ষী নিৰীক্ষকসকল ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতেজাৰ্মান, জাপান, ইংলেণ্ড, আমেৰিকা, ফ্ৰান্সৰ পৰা আহি ইয়াত উপস্থিত হয়।

এই ঘাঁহনিত পোৱা চৰাইসমূহ পৃথিৱীৰ আৰু ক'তো পোৱা নাযায়। কিন্তু বাঘজান অইল খাদৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ খনন কাৰ্যই এই জৈৱ-বৈচিত্ৰ্যৰে

চহকী বিলখনৰ প্ৰতি প্ৰচুৰ ভাবুকি কঢ়িয়াই আনিছে। বিগত বছৰসমূহতকৈ প্ৰায় ৮০ শতাংশ চৰাই হ্ৰাস পোৱা বুলি এক বেদনাদায়ক বাৰ্তা দিছে স্থানীয় গঞাই । এক প্ৰকাৰ অস্তিত্ব বিপদাপন্ন হৈ পৰিছে এই পৰিভ্ৰমী চৰাই-হাঁহৰ স্বৰ্গভূমি মাগুৰি বিলখন।। অইল ইণ্ডিয়া লিমিটেডক মাগুৰি বিলৰ আশে-পাশে খনন কাৰ্য চলাবলৈ অনুমতি দিয়াটো শাসিত চৰকাৰখনৰ এক ৰহস্যজনক ভূমিকা হিচাপে চিহ্নিত হৈছে ।

বিলখনক কেন্দ্ৰ কৰি গঢ় লৈ উঠা ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়সমূহ এতিয়া একপ্ৰকাৰ বন্ধ হৈ পৰিছে। পৰ্যটকৰ সুবিধাৰ বাবে বিলখনৰ আশে পাশে গঢ় লৈ উঠা তথা আজিৰ পৰা প্ৰায় তিনি-চাৰি বছৰ পূৰ্বে পৰ্যটকেৰে ভৰি থকা কটেজ আৰু ল'জসমূহ এতিয়া পৰ্যটকৰ অভাৱত বন্ধ হোৱাৰ উপক্ৰম হৈছে।

টুৰিষ্ট গাইডৰূপে নিজকে আত্মসংস্থাপন দিয়া যুৱক-যুৱতীসকল পুনৰ নিবনুৱা হৈ পৰিছে। ইয়াৰ একমাত্ৰ কাৰণ হৈছে বিলখনৰ প্ৰতি চৰকাৰৰ মাহী আইৰ দৃষ্টি । আপুৰুগীয়া পৰিভ্ৰমী হাঁহ আৰু চৰাইসমূহৰ অস্তিত্ব ৰক্ষা তথা বিলখনৰ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে অচিৰেই ব্যৱস্থা গ্ৰহণ নকৰিলে বিলখনৰ অস্তিত্ব বিপন্ন হ'ব বুলি চৰ্চিত হৈছে ।

আৰু পঢ়ক: তিনিচুকীয়াৰ টাই সংস্কৃতি চর্চা কেন্দ্ৰত ১২ ফুট উচ্চতাৰ চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in