কাজিৰঙাত “ধূলিয়ৰী বাটত ফাগুনৰ আবেলি” শীৰ্ষক অনুষ্ঠান

উক্ত অনুষ্ঠানতে মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা চয়নিকা বৰা আৰু তৃষ্ণা বৰুৱাই গীত পৰিৱেশন কৰে
কাজিৰঙাত “ধূলিয়ৰী বাটত ফাগুনৰ আবেলি” শীৰ্ষক অনুষ্ঠান

ডিজিটেল সংবাদ,কাজিৰঙাঃ চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাৰ অসমীয়া বিভাগৰ ব্যৱস্থাপনাত আৰু কাজিৰঙা শাখা কবি সন্মিলনৰ সহযোগত “ধূলিয়ৰী বাটত ফাগুনৰ আবেলি” শীৰ্ষক অনুষ্ঠান। মহাবিদ্যালয়ৰ প্ৰাঙ্গনত বিয়লি ২ বজাত শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়।

উপাধ্যক্ষ তথা অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ৰেৱত মহন্তই আঁত ধৰা অনুষ্ঠানটিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিভাগৰ মুৰব্বী অধ্যাপক এন. তামনা সিংহই। উদ্বোধনী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° পাৰমিতা খাখলাৰীয়ে।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গোলাঘাট জিলা কবি সন্মিলনৰ সম্পাদক দীপ হেস্টিংছ বড়ি, কাজিৰঙা সাংবাদিক সংস্থাৰ সভাপতি নীলপদ্ম শৰ্মা, সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হেমা চৌধুৰী গগৈ, বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি নিজৰা বৰঠাকুৰ, সম্পাদক অজন্তা তালুকদাৰ,গোলাঘাট জিলা কবি সন্মিলনৰ পত্ৰিকা সম্পাদক মৃদুস্মিতা শৰ্মা, গোলাঘাট জিলা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট নাট্যকাৰ অমৰ শৰ্মা আৰু কাজিৰঙা অঞ্চলৰ জনপ্ৰিয় সমাজকর্মী দেৱ প্ৰদীপ বৰা।

এই অনুষ্ঠানত গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ কবি, মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলে আলাপৰ মাজেৰে ফাগুন বিষয়ক কবিতা,গীত,নৃত্য আদি প্ৰদৰ্শন কৰে। মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° পৰিমিতা ভূঞা, ৰ'দালি সপোন বৰগোঁহাই, গ্ৰন্থাগাৰিক প্ৰাঞ্জল ডেকা আৰু কাৰ্যালয়ৰ সহায়ক ঋতুপৰ্ণ তামুলীকে ধৰি স্থানীয় কবি গীতিৰেখা দত্ত, চামিম চুলতানা, দিব্যজ্যোতি শইকীয়া, জিনা গগৈ, দীপিকা শইকীয়া আদিয়ে কবিতা পাঠ কৰে ।

উক্ত অনুষ্ঠানতে মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা চয়নিকা বৰা আৰু তৃষ্ণা বৰুৱাই গীত পৰিৱেশন কৰে। এই অনুষ্ঠানত বিশিষ্ট ভাস্কৰ্য শিল্পী পাপু ঘোষ,সাংবাদিক সন্থাৰ ধ্ৰুৱজ্যোতি সাহা,মনোজ প্ৰতীম শইকীয়া,বিতোপন মাঝিকে তথা ভালেসংখ্যক গণ্য-মান্য ব্যক্তি আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্রী উপস্থিত থাকে। অনুষ্ঠানটিত বিশিষ্ট নাট্যকাৰ অমৰ শৰ্মাক অসমীয়া নাট্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ।

উল্লেখযোগ্য যে সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত কাজিৰঙা শাখা কবি সন্মিলনৰ এখন পূৰ্ণাংগ সমিতিও এই অনুষ্ঠানতে গঠন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হৰি প্ৰসন্ন ডেকা বৰুৱা বিশেষ শৈক্ষিক কামৰ বাবে উপস্থিত থাকিব নোৱৰিলে যদিও তেখেতৰ সহযোগিতাৰ বাবে অসমীয়া বিভাগ আৰু কাজিৰঙা শাখা কবি সন্মিলনে তেওঁলৈ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে ।

কাজিৰঙাত “ধূলিয়ৰী বাটত ফাগুনৰ আবেলি” শীৰ্ষক অনুষ্ঠান
চিৰাঙত সশস্ত্ৰ সীমা বলৰ উদ্যোগত মটৰ ড্ৰাইভিং তথা মেৰামতি প্ৰশিক্ষণ শিবিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in