ধুবুৰীত বিশ্ব হৃদ দিৱস পালন

ধুবুৰীত বিশ্ব হৃদ দিৱস পালন

author-image
Asomiya Pratidin
New Update
ধুবুৰীত বিশ্ব হৃদ দিৱস পালন

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰীৰ দি হাৰ্ট ক্লিনিকত দেওবাৰে অসমৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা দি হাৰ্ট সহৃদয় গোষ্ঠীৰ উদ্যোগত বিশ্ব হৃদ দিৱস পালন কৰা হয়।‌ এই উদ্দেশ্যে দুপৰীয়া ক্লিনিকৰ পৰা সমদল উলিওৱা হয়।

Advertisment

দি হাৰ্টৰ উপদেষ্টা তথা নাক কাণ ডিঙিৰ কেন্সাৰ বিশেষজ্ঞ চিকিৎসক ডা° বুবুল চন্দ্ৰ ৰায় উদ্বোধন কৰা সমদলত স্থানীয় ৰাইজৰ লগতে বিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰী সহযোগ কৰে। সমদলকাৰী, সকলে খোজ মুলধন স্বাস্থ্য পৰম ধন, বিশ্ব হৃদয় দিৱস পালন কৰক, ফাষ্ট ফুড্ জাং ফুট পৰিহাৰ কৰক আদি লিখা সম্বলিত বেনাৰ পোষ্টাৰ নি বিভিন্ন শ্লোগান দি ধুবুৰী চহৰৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰে।

সমদলত দি হাৰ্টৰ উপ সভাপতি প্ৰদীপ কুমাৰ সেনৰ লগতে স্থানীয় শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে।

Also Read: বৰমাত ৯১ সংখ্যক বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজাৰ প্ৰস্তুতি...

World Heart Day