বৰমাত ৯১ সংখ্যক বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজাৰ প্ৰস্তুতি...

বৰমাত ৯১ সংখ্যক বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজাৰ প্ৰস্তুতি...
Published on
Updated on

ডিজিটেল সংবাদ, বৰমা : বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বৰমাত মৰাপাগলাদিয়া নৈৰ পাৰত নান্দনিক পৰিবেশত বিশাল আয়োজনেৰে ঐতিহ্যমণ্ডিত ৯১ সংখ্যক বৰমা বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজা মহোৎসবৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । অহা ৯, ১০, ১১, ১২আৰু ১৩ অক্টোবৰত অনুষ্ঠিত হ'ব বৰমাৰ ৰাজহুৱা দুৰ্গা পূজা মহোৎসৱ ।

এইবাৰৰ বিশেষ আকৰ্ষণ হ'ব চাৰ্কাছ, উদ্যান, বাণিজ্য মেলা, কৈহাটীৰ ঢুলীয়া প্ৰদৰ্শন, ওজাপালি পৰিবেশন , দিহানাম, বিয়ানাম আৰু লোকগীত প্ৰতিযোগিতা। ইয়াৰ উপৰি যাত্ৰাপাৰ্টী, সাংস্কৃতিক সন্ধিয়া আৰু ৰাৱণ দাহন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।

পূজাৰ প্ৰাকক্ষণত গঠন কৰা হৈছে ৯১ সংখ্যক বৰমা বাৰোৱাৰী দুৰ্গা পূজা সমিতি। এই সমিতিৰ সভাপতি অজয় দাস, কাৰ্যকৰী সভাপতি ভাৰত চন্দ্ৰ তালুকদাৰ, মুখ্য সম্পাদক ভূপেন চন্দ্ৰ কলিতা। আয়োজনক সমিতিয়ে জনোৱা মতে ৯ অক্টোবৰৰ পুৱা ৭-৩০ বজাত ধৰ্মীয় পতাকা উত্তোলন কৰিব বৰমা বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ সভাপতি অজয় দাসে ।

বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন শুভাৰম্ভ কৰিব সমিতিৰ কাৰ্যকৰী সভাপতি ভাৰত চন্দ্ৰ তালুকদাৰ আৰু মুখ্য সম্পাদক ভুপেন চন্দ্ৰ কলিতাই । ইয়াৰ পিছতে কেবাখনো গাঁৱৰ জ্যেষ্ঠ লোকৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰা হ'ব ।

৯-০০ বজাত মূল তোৰণৰ দ্বাৰ উন্মোচন কৰা হ'ব । পুৱা ১০ বজাত মৰাপাগলাদিয়া নৈৰ ওপৰত নিৰ্মান কৰা সমন্বয় সাঁকো মুকলি কৰিব । ইয়াৰ পিছতে অনুষ্ঠিত হ'ব আয়তীৰ দিহানাম প্ৰতিযোগিতা ।

সন্ধিয়া ৫ বজাত চিৰিয়াখানা আৰু উদ্যান মুকলি কৰা হ'ব । নিশা সোনা মাইনাও আফাদ নাট্যদলৰ নাট প্ৰদৰ্শন । নাটক উদ্বোধন কৰিব বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামচিয়ৰীয়ে ।

১০ অক্টোবৰৰ পুৱা অকুমাৰী ছোৱালীৰ দ্বাৰা জল আনয়ন, মন্দিৰৰ দ্বাৰ উন্মোচন, বিয়ানাম প্ৰতিযোগিতা, ঢুলীয়া প্ৰদৰ্শন, ওজাপালী পৰিবেশন আৰু সন্ধিয়া অসমীয়া আৰু বড়ো গীতৰ আধাৰত আধুনিক একক নৃত্য প্ৰতিযোগিতা ।

১১ অক্টোবৰত বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ অন্তত সন্ধিয়া নাট প্ৰদৰ্শন কৰা হ'ব । ১২ অক্টোবৰত অনুষ্ঠিত হ'ব কামৰুপী লোকগীত প্ৰতিযোগিতা । আবেলি নাগাৰা নাম পৰিবেশন কৰা হ'ব ।

১৩ অক্টোবৰত বিভিন্ন পূজা -অৰ্চনাৰ অন্তত আবেলি ৪ বজাত দুৰ্গা প্ৰতিমালৈ বৰমা নগৰ পৰিভ্ৰমণ কৰি মৰাপাগলদিয়া নদীত বিসৰ্জন দিয়াৰ অন্তত বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৰং বিৰঙৰ আঁতচবাজী পৰিবেশন আৰু সুউচ্চ ৰাৱণ দাহন কাৰ্যসূচী ৰুপায়ণ কৰা হ'ব । সন্ধিয়া অনুষ্ঠিত হ'ব সাংস্কৃতিক সন্ধিয়া ।

৯১ সংখ্যক বৰমা বাৰোৱাৰী দুৰ্গা পূজা পৰিচালনা সমিতিয়ে সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায়- সহযোগিতা কামনা কৰিছে ।

বৰমাত ৯১ সংখ্যক বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজাৰ প্ৰস্তুতি...
ডকমকাত সদৌ অসম তেলী (চাহু) যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in