বিমানত সহযাত্ৰীক প্ৰস্বাৱ কৰি গ্ৰেপ্তাৰ ভাৰতীয়...

নিউয়ৰ্ক-নতুন দিল্লী আমেৰিকান এয়াৰলাইনছৰ এখন বিমানত এজন ভাৰতীয় ব্যক্তিয়ে সুৰাপান কৰি আন এজন যাত্ৰীৰ সৈতে কাজিয়াত লিপ্ত হৈ গাতে প্ৰস্বাৱ কৰি দিয়াৰ বাতৰি প্ৰকাশ পাইছিল । ঘটনাটো সংঘটিত হৈছিল দেওবাৰে
বিমানত সহযাত্ৰীক প্ৰস্বাৱ কৰি গ্ৰেপ্তাৰ ভাৰতীয়...

ডিজিটেল ডেস্কঃ নিউয়ৰ্ক-নতুন দিল্লী আমেৰিকান এয়াৰলাইনছৰ এখন বিমানত এজন ভাৰতীয় ব্যক্তিয়ে সুৰাপান কৰি আন এজন যাত্ৰীৰ সৈতে কাজিয়াত লিপ্ত হৈ গাতে প্ৰস্বাৱ কৰি দিয়াৰ বাতৰি প্ৰকাশ পাইছিল । ঘটনাটো সংঘটিত হৈছিল দেওবাৰে ।

এই সন্দৰ্ভত দেশৰ বিমান নিয়ন্ত্ৰক ডিজিচিএয়ে কয় যে ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰা হৈছিল । অসামৰিক বিমান পৰিবহন আইনৰ অপৰাধৰ অধীনত, যাত্ৰীজনৰ বিষয়ে এয়াৰলাইনৰ কৰ্মচাৰীসকলে অভিযোগ দিছিল । ইয়াৰ পিছতেই অভিযুক্ত ভাৰতীয় যাত্ৰীগৰাকীক সোমবাৰে গ্ৰেপ্তাৰ কৰা হৈছে ।

ঘটনা সন্দৰ্ভত বিমান মন্ত্ৰী সিন্ধিয়াই ঘটনা সন্দৰ্ভত উচিত তদন্তৰ আশ্বাস প্ৰদান কৰিছে । এই ঘটনা আমেৰিকান এয়াৰলাইনছৰ বিমান এ এ ২৯২ত সংঘটিত হৈছিল ।

২৩ এপ্ৰিলৰ নিশা প্ৰায় ৯ বজাত বিমানখন ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় (আইজিআই) বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতেই চিআইএছএফে অভিযুক্ত যাত্ৰীজনক গ্ৰেপ্তাৰ কৰিছিল । আৰু অভিযুক্ত আৰু অভিযোগকাৰী দুয়োজন যাত্ৰীকে দিল্লী আৰক্ষীৰ ওচৰত গটাই দিয়ে ।

বিমানত সহযাত্ৰীক প্ৰস্বাৱ কৰি গ্ৰেপ্তাৰ ভাৰতীয়...
প্ৰথমে 'ছাছা' আৰু আজি 'উদয়' : এমাহতে দুই চিতাৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in