মন গ’লেই প্ৰৱেশ কৰিব পাৰিব অষ্ট্ৰেলিয়াৰ সংসদ ভৱনত...

মন গ’লেই প্ৰৱেশ কৰিব পাৰিব অষ্ট্ৰেলিয়াৰ সংসদ ভৱনত...
Published on
Updated on

দেশৰ সংসদ ভৱনসমূহত থাকে কটকটিয়া নিৰাপত্তা। অতন্দ্ৰ প্ৰহৰী হৈ থকা নিৰাপত্তাবাহিনীৰ বাবে সাধাৰণ লোকে সংসদ ভৱনত প্ৰৱেশ কৰাটো দুঃসাধ্য হৈ পৰে। অৱশ্যে অনুমতি সাপেক্ষে কোনো কোনো লোক সংসদ ভৱনত যাব পাৰে। কিন্তু অষ্ট্ৰেলিয়াৰ সংসদ ভৱন দৰ্শনৰ বাবে আপুনি অথবা মই ল’ব নালাগে অনুমতি। সেই সন্দৰ্ভতে এই প্ৰতিবেদন-

বিশ্বৰ প্ৰায়সংখ্যক দেশৰে সংসদ ভৱনত সাধাৰণ লোকে দৰ্শনৰ বাবে প্ৰৱেশ কৰাটো সাধাৰণ কথা নহয়। সংসদ ভৱনত থাকে উচ্চ পৰ্যায়ৰ নিৰাপত্তা বেষ্টনী। সমান্তৰালকৈ থাকে উচ্চ পৰ্যায়ৰ নিৰাপত্তাবাহিনী। এনেবোৰ নিৰাপত্তাবাহিনী অথবা বিষয়াৰ অনুমতি অবিহনে সংসদ ভৱনত প্ৰৱেশ কৰাটো অসম্ভৱ।

ব্যতিক্ৰম নহয় ভাৰতৰ সংসদ ভৱনো। বিনা অনুমতিত কোনোৱে প্ৰৱেশ কৰিব নোৱাৰে দেশৰ সংসদ ভৱনত। কিন্তু বিশ্বৰ বিভিন্ন দেশৰ সংসদ ভৱনৰ মাজতে ব্যতিক্ৰম অষ্ট্ৰেলিয়াৰ সংসদ ভৱন। এই কথা জানি হয়তো আপুনিও আচৰিত নহৈ নোৱাৰিব !

১৯০১ চনৰ ৯ মে'ত স্থাপন হৈছিল অষ্ট্ৰেলিয়া সংসদ ভৱন। অষ্ট্ৰেলিয়া সংসদ ভৱনত সোমাবলৈ নালাগে কোনো প্ৰৱেশ পত্ৰ অথবা শীৰ্ষ বিষয়াৰ অনুমতি। যিকোনো লোকে সংসদ ভৱনটিত গৈ চাই আহিব পাৰে। মন কৰিলেই হ’ল, সংসদ ভৱনৰ ভিতৰত গৈ দৰ্শন কৰিব পাৰে। ইয়াৰ বাবে আপুনি কাৰোৰে অনুমতি লোৱাৰ প্ৰয়োজন নাই।

আশ্বৰ্যজনক কথাটো এইটো যে - সংসদ ভৱনৰ ভিতৰত বাজেট অধিৱেশন বা তেনে কোনো চৰকাৰী বৈঠক অনুষ্ঠিত হৈ থাকিলে সাধাৰণলোকেও গৈ সেই বৈঠক চাই আহিব পাৰে। ইয়াৰ বাবেও নালাগে কোনো প্ৰৱেশ পত্ৰ বা অনুমতি।

অৱশ্যে সাধাৰণ দৰ্শকৰ বাবে সংসদ ভৱনৰ ভিতৰত ফটো বা ভিডিঅ' সংগ্ৰহ কৰাৰ অনুমতি নাই। এক কথাত সংসদ ভৱনটি চাবহে পাৰিব। তাৰ বাহিৰে ফটো নাইবা ভিডিঅ’ ফুটেজ সংগ্ৰহ কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

যদি কোনো কাৰণত আপুনি এই নিয়ম ভংগ কৰে, তেন্তে আপোনাৰ শাস্তি অনিবাৰ্য। বিধি অথবা ধাৰা অনুসৰি আপোনাৰ শাস্তিৰ প্ৰকাৰ ভিন্ন হ’ব পাৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, সংসদ ভৱনটি ১৯০১ চনত প্ৰতিষ্ঠা কৰা হৈছিল যদিও ইয়াক নতুনকৈ ১৯৮৮ চনত ৰাজধানী কেনবেৰাত পুনঃনিৰ্মাণ কৰা হয়। উক্ত বৰ্ষৰে ৯মে'ৰ দিনা অষ্ট্ৰেলিয়াৰ ৰাণী দ্বিতীয় এলিজাবেথে সংসদ ভৱনটি উদ্বোধন কৰে।

সংসদ ভৱনটিৰ নিৰ্মাণ কাৰ্যত ব্যয় হৈছিল প্ৰায় ৪.৯ বিলিয়ন। এতিয়াৰ হিচাপত ইয়াৰ খৰচৰ পৰিমাণ অধিক হ'ব। সংসদ ভৱনটিৰ নিৰ্মাণ কাৰ্য প্ৰখ্যাত আৰ্কিটেক ৰোমাল্ডো গিউৰগোলাৰ তত্বাৱধানত সম্পন্ন কৰা হৈছিল।

এই ভৱনটিৰ বিশেষত্ব হ'ল- সংসদ ভৱনৰ ৰাজহুৱা প্ৰৱেশ দ্বাৰ আৰু গ্ৰেট হললৈ যোৱা পথছোৱাত খোদিত কৰা আছে প্ৰাৰম্ভিক ইউৰোপীয় বসতিৰ সভ্যতাৰ চানেকি। ইয়াত থকা মাৰ্বল খোদিত স্তম্ভবোৰৰ তিৰবিৰ পোহৰ অনবৰতে জিলিকি থাকে।

তাৰোপৰি সংসদ ভৱনটোত আছে আৰ্থাৰ বইডৰ এখন চিত্ৰ। আনহাতে গেলেৰীৰ পূব দেৱালত কে লৰেন্সৰ দ্বাৰা ডিজাইন কৰা এটা এম্ব্ৰইডাৰী আছে। যাৰ জোখ ১৫ মিটাৰ দীঘল আৰু ৬৫ ছে মি উচ্চতাৰ। স্বাভাৱিকতে অষ্ট্ৰেলিয়াৰ সংসদ ভৱনটি মুকলি কৰাৰ দিনৰে পৰা দৰ্শকক মোহিত কৰি আহিছে।

মন গ’লেই প্ৰৱেশ কৰিব পাৰিব অষ্ট্ৰেলিয়াৰ সংসদ ভৱনত...
কাজিৰঙাত ভিনটেজ কাৰ ছাফাৰীঃ শংকা নে ভাল খবৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in