ৰুষ্ট প্ৰকৃতিঃ জুনত গেৰুকামুখত উৎপাদন নহয় বিদ্যুৎ, ডুবি আছে টাৰ্বাইন...

ৰুষ্ট প্ৰকৃতিঃ জুনত গেৰুকামুখত উৎপাদন নহয় বিদ্যুৎ, ডুবি আছে টাৰ্বাইন...

ডিজিটেল সংবাদ, লখিমপুৰঃ এক নিশ্চিত বিপদৰ দিশে যেন আগবাঢ়িছে উত্তৰ অসম ৷ ৰাইজৰ হাজাৰ আপত্তিক উপেক্ষা কৰি নিৰ্মাণ কৰা বৃহৎ নদী বান্ধৰ ভয়াবহ পাৰ্শ্বক্ৰিয়াৰ কবলত পৰাৰ পুৰামাত্ৰাই আশংকা ঘনীভূত হৈছে ৷ যোৱা তিনিদিন ধৰি গেৰুকামুখত সৃষ্টি হোৱা প্ৰাকৃতিক প্ৰলয়ে তাৰেই যেন উমান দিছে ৷

বিজুলী উৎপাদনৰ দিশে আগবঢ়া গেৰুকামুখৰ সোৱণশিৰি প্ৰকল্পত বান আৰু ভূমিস্খলন অব্যাহত আছে ৷ নাওঁ বুৰিলেও টিঙৰ পৰা ননমা এন এইচ পি চি ৰ মিথ্যাচাৰ উদঙাই দৰ্প চূৰ্ণ কৰি গেৰুকামুখৰ বৃহৎ নদী বান্ধ প্ৰকল্প ক্ষতিগ্ৰস্ত ভয়াৱহ ভূমিস্খলন আৰু সোৱণশিৰিৰ বলীয়াবানত ৷ নদীখনৰ উৎসৰ লগতে অৰুণাচলত হোৱা মুষলধাৰ বৰষুণৰ ফলত বান আৰু ভূমিস্খলনত গেৰুকামুখৰ বৃহৎ নদী বান্ধ আৰু জলবিদ্যুৎ প্ৰকল্পত ইটোৰ পাছত সিটো ভয়ংকৰ অথন্তৰ সংঘটিত হৈ আছে ৷

শুকুৰাবৰে ভূমিস্খলনৰ ফলত বৃহৎ নদী বান্ধটোৰ বাঁওপাৰে পাহাৰৰ বৃহৎ অংশ খহি পৰে ৷ ফলত ডাইভাৰ্চন টানেলৰ ওপৰত প্ৰভাৱ পৰে ৷ আনহাতে সোৱণশিৰিৰ বলিয়া বানে এক আৰু দুই নং ডাইভাৰ্চন টানেলৰ দুখন গেট উতুৱাই লৈ যায় ৷ তদুপৰি নদী খনৰ কোবাল সোঁতৰ উপৰ্যুপৰি আঘাতত ডেম নিৰ্মাণৰ টাৱাৰৰ কেইবাকোটি টকীয়া বৃহৎ কন্টেইনাৰ এটা নদীৰ পানীত পৰি উটি যায় ৷

দুখন এক্সেভেটৰ পানীত ডুবি থকাৰ বিপৰীতে গাইদ বান্ধ ভাঙি পাৱাৰ হাউচত পানী সোমোৱাৰ বাবে তৃতীয় দিনাও দুটাকৈ টাৰ্বাইন পানীৰ তলতে থাকে ৷ এন এইচ পি চি য়ে প্ৰকল্পটোৰ কাম-কাজ বন্ধ ৰাখিব লগীয়া হৈছে ৷ গেৰুকামুখত বলীয়া বানৰ প্ৰভাৱত বৃহৎ নদী বান্ধ প্ৰকল্পটোৰ বিস্তৰ ক্ষতি হোৱাৰ অৱকাশ আছে ৷

প্ৰতি বছৰে গেৰুকামুখৰ বৃহৎ নদী বান্ধ আৰু জলবিদ্যুৎ প্ৰকল্পই প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হৈ আহিছে যদিও নিৰ্মাণ সংস্থা এন এইচ পি চি য়ে এয়া সাধাৰণ ঘটনা বুলি টুলুঙা মন্তব্য দি ৰাইজৰ দৃষ্টি আঁতৰাবলৈ যত্ন কৰি আহিছে ৷ চলিত বৰ্ষৰ জুন মাহতে ৰিজাৰ্ভৰত পানী আৱদ্ধ কৰি প্ৰথম পৰ্যায়ত দুটা ইউনিট চালু কৰি পাঁচশ মেগাৱাট বিজুলী উৎপাদনৰ কথা আছিল যদিও গেৰুকামুখত হোৱা বান আৰু ভূমিস্খলৰ বাবে চলিত মাহত বিজুলী উৎপাদনৰ মৰসাহ কৰিব নোৱাৰি অহা ডিচেম্বৰ মাহলৈ বিজুলী উৎপাদনৰ সময় পিছুৱাই দিয়া হৈছে ৷

গেৰুকামুখৰ প্ৰাকৃতিক প্ৰলয়ে ৰাজ্যৰ নদী বান্ধ বিশেষজ্ঞৰ মতামতৰ সত্যতা প্ৰতিপন্ন কৰি প্ৰমাণ কৰে যে গেৰুকামুখত বৃহৎ নদী বান্ধৰ স্থায়িত্ব নাই ৷ সেই কথা ধাৰাবাহিক প্ৰলয়ে প্ৰমাণ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰেও যেন বুজি উঠিছে ৷ এই সময়ত বিজুলী উৎপাদন কৰিলে নিঃসন্দেহে বান্ধৰ কু প্ৰভাৱ উত্তৰ অসমত পৰিব । সেয়েহে আগন্তুক খৰালীলৈ বিজুলী উৎপাদনৰ সময় পিছুৱাই দিয়া হৈছে ৷

উত্তৰ অসমৰ ৰাইজক এক প্ৰকাৰে গিণিপিগ সজাব খোজা এই বৃহৎ নদী বান্ধটোৰ পৰা বিজুলী উৎপাদন কৰিবলৈ চৰকাৰে দিলেও যে প্ৰকৃতিয়ে নিদিব সেই কথা সাম্প্ৰতিক বান আৰু ভূমিস্খলনে প্ৰমাণ কৰিছে ৷ উল্লেখ্য যে সোৱণশিৰি নদীৰ বুকুৰে আজি প্ৰতিছেকেণ্ডত ৫০১৫ ঘন মিটাৰ পানী প্ৰতি ছেকেণ্ডত প্ৰৱাহিত হয় ৷ আনহাতে বান্ধটোৰ ডাইভাৰ্চন টানেলেৰে প্ৰৱাহিত হয় কেৱল ৯৫০ ঘন মিটাৰ পানী ৷

ৰুষ্ট প্ৰকৃতিঃ জুনত গেৰুকামুখত উৎপাদন নহয় বিদ্যুৎ, ডুবি আছে টাৰ্বাইন...
উৎকোচ লৈ হাতে-লোটে ভিজিলেঞ্চৰ জালত পৰিল ৰে'লৱে বিষয়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in