সাৱধান, দিল্লীৰ নকল সৌন্দৰ্য্য বৰ্ধক সামগ্ৰীৰে ভৰি পৰিছে বজাৰ!

বজাৰলৈ যাওঁতে অধিক সাৱধান হওক । নামনি অসমৰ বিভিন্ন ঠাইৰ বজাৰ ভৰি পৰিছে নকল ক’চমেটিক সৌন্দৰ্য্য বৰ্ধক ক্ৰীম, চেম্পু, বা বিভিন্ন বয় বস্তুৰে । দিল্লীৰ পৰা অহা এটা দলে বঙাইগাঁওৰ পৰা নামনি অসমত বিভিন্ন বজাৰত এতিয়া যোগান ধৰিছে নকল বয় বস্তু
সাৱধান, দিল্লীৰ নকল সৌন্দৰ্য্য বৰ্ধক সামগ্ৰীৰে ভৰি পৰিছে বজাৰ!

ডিজিটেল সংবাদ, বিলাসীপাৰাঃ বজাৰলৈ যাওঁতে অধিক সাৱধান হওক । নামনি অসমৰ বিভিন্ন ঠাইৰ বজাৰ ভৰি পৰিছে নকল ক’চমেটিক সৌন্দৰ্য্য বৰ্ধক ক্ৰীম, চেম্পু, বা বিভিন্ন বয় বস্তুৰে ।

দিল্লীৰ পৰা অহা এটা দলে বঙাইগাঁওৰ পৰা নামনি অসমত বিভিন্ন বজাৰত এতিয়া নকল বয় বস্তুৰ প্ৰয়োভৰ । ইতিমধ্যে দেওবাৰে ধুবুৰী ভাৰত বাংলাদেশ সীমান্তৰ বিদ্যাৰডাবৰিত মহম্মদ আজিজ খান নামৰ এজন নকল বয় বস্তুৰ ব্যবসায়ী এজনক ৰাইজে আটক কৰিবলৈ সক্ষম হয় ।

অভিযুক্ত লোকজনৰ ঘৰ দিল্লীৰ আগ্ৰাত বুলি জানিব পৰা গৈছে । দিল্লীৰ পৰা নকল কচমেটিক ক্ৰীম, চেম্পু, চাবোন বা সৌন্দৰ্য বৰ্ধনৰ বিভিন্ন ব্ৰেণ্ডেড কোম্পানীৰ নকল ক্ৰীম কঢ়িয়াই আনি দীৰ্ঘদিনৰ পৰা এই বয় বস্তু সমূহ যোগান ধৰি আহিছে ধুবুৰীৰ লগতে নামনি অসমৰ বিভিন্ন বজাৰত ।

দলটোৰ আন তিনিজন যথাক্ৰমে এছলাম খান চাৰীফ খান আৰু চাৰীফ খানৰ পুত্ৰ বুলি জানিব পৰা গৈছে । দলটোয়ে বঙাইগাঁওৰ ভাওঁৰাগুৰিত বাহৰ পাতি থকা বুলি জানিব পৰা গৈছে ।

দিল্লীৰ পৰা আনি এই নকল বয় বস্তু সমূহ দীর্ঘ দিনৰ পৰা নামনি অসমৰ বিভিন্ন ঠাইত বিক্ৰী কৰি আহিছে যদিও সোমবাৰে ইউ পি ০৮এফ ৱাই ৫১৭১ UP08 FY 5171)নম্বৰৰ গাড়ীৰে ধুবুৰীৰ বিভিন্ন বজাৰত সন্দেহজনক ভাবে ঘুৰি ফুৰা পৰিলক্ষিত হয় ।

দলটোৰ বিষয়ে ৰাইজে আৰক্ষীক খবৰ দিয়ে । খবৰ পাই আৰক্ষীয়ে গাড়ীসহ দলটোক আগমনি আৰক্ষী থানাত লৈ আনে । কিন্তু কিছুসময়ৰ পিছত গাড়ীখন এৰি দিয়া বুলি ৰাইজে অভিযোগ তুলিছে ।

বৃহৎ পৰিমাণৰ নকল ক’চমেটিক ক্ৰীম চেম্পু থকাৰ সন্দেহত বা আন আন বয় বস্তু সহ মহম্মদ আজিজ খান নামৰ এজন ব্যক্তিক আটক কৰি সোধ-পোছ নকৰি এৰি দিয়াৰ অভিযোগ উঠিছে । আৰু এই লৈ ক্ষোভিত হৈ পৰিছে সচেতন ৰাইজ ।

সাৱধান, দিল্লীৰ নকল সৌন্দৰ্য্য বৰ্ধক সামগ্ৰীৰে ভৰি পৰিছে বজাৰ!
"মানুহ শিল নহয়, অন্যায়-স্বেচ্ছাচাৰিতা-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মানুহ এদিন জাগিবই"-হীৰেন গোহাঁই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in