ধুবুৰী-হাটশিঙিমাৰীত যাত্ৰীবাহী ফেৰীত সামগ্ৰী কঢ়িওৱাক লৈ উত্তেজনা...

ধুবুৰী-হাটশিঙিমাৰীত যাত্ৰীবাহী ফেৰীত সামগ্ৰী কঢ়িওৱাক লৈ উত্তেজনা...
ধুবুৰী-হাটশিঙিমাৰীত যাত্ৰীবাহী ফেৰীত সামগ্ৰী কঢ়িওৱাক লৈ উত্তেজনা...

ডিজিটেল সংবদ ধুবুৰীঃ ধুবুৰী-হাটশিঙিমাৰী যাত্ৰীবাহী ফেৰী (লঞ্চ)ত অত্যাধিক সামগ্ৰী কঢ়িওৱাক লৈ সোমবাৰে সন্ধিয়া মালিৰ আলগা ফেৰী ঘাটত আছু আৰু ৰাইজে ফেৰী আৱদ্ধ কৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখযোগ্য যে ধুবুৰীৰ পৰা দক্ষিণ পাৰলৈ চলাচল কৰা প্ৰায় ৮-৯ খন যাত্ৰীবাহী ফেৰীত প্ৰতিদিনে বহন ক্ষমতাতকৈ অধিক যাত্ৰীৰ উপৰিও অত্যাধিক সামগ্ৰী কঢ়িয়ায়।

সোমবাৰে বিয়লি প্ৰায় ৫.৩০ বজাত মালিৰআলগাৰ অস্থায়ী ফেৰী ঘাটত ধুবুৰীৰ পৰা অহা যাত্ৰীবাহী ফেৰীত অত্যাধিক সামগ্ৰী দেখি স্থানীয় ৰাইজ আৰু আছুয়ে ফেৰীখন আৱদ্ধ কৰে। যাত্ৰীসকলক আছু কৰ্মীসকলে ফেৰীৰ পৰা যাবলৈ দিয়ে যদিও সামগ্ৰী নমাবলৈ বাধা প্ৰদান কৰাত অস্থায়ী ঘাটখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

আছুৰ বিষয়-ববীয়াসকলে সুখচৰ আৰক্ষীক খবৰ দিয়াত সন্ধিয়া প্ৰায় ৬.৩০ বজাত সুখচৰ আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয়। ফলত আছু আৰু ৰাইজে আৱদ্ধ কৰি ৰখা ফেৰীখন সুখচৰ আৰক্ষীৰ হাতত চমজাই দিয়ে।

আছুৰ আৰু ৰাইজৰ দাবী, ২০০ যাত্ৰী কঢ়িওৱা ফেৰীত ৩০০-৪০০ যাত্ৰী নিয়াৰ উপৰিও অত্যাধিক সামগ্ৰী কঢ়িওৱা হয়। ফলত ফেৰীত নদী যাত্ৰীৰ জীৱনৰ নিৰপত্তা নোহোৱা হৈছে। দীৰ্ঘ দিনৰ পৰাই ফেৰী কৰ্তৃপক্ষই এইদৰে অত্যাধিক যাত্ৰীৰ উপৰিও মাল-সামগ্ৰী কঢ়িয়াই নিয়ে।

আছুয়ে ফেৰী কৰ্তৃপক্ষৰ এনে অনৈতিক কাণ্ড বন্ধ কৰিবলৈ বাৰে বাৰে দাবী জনাই অহাৰ পাচতো ফেৰী কতৃপক্ষই আছুৰ দাবীৰ প্ৰতি গুৰু্ত্ব দিয়া নাই বুলি অভিযোগ তুলিছে।

ইফালে ফেৰী কৰ্তৃপক্ষই ঘটনাক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যোৱা প্ৰায় ১০ দিন আগলৈ ফেৰীখন বেপাৰীপাৰা ঘাটৰ পৰা চলাচল কৰিছিল যদিও বৰ্তমানে জিঞ্জিৰান নদীত পানী কমি যোৱাৰ ফলত ফেৰী চালকসকলে বিপদত পৰিছে। ফলত বিগত এক সপ্তাহ ধৰি মালিৰ আলগাত অস্থায়ী ভাৱে ঘাট নিৰ্মাণ কৰিছে যদিও ৰাইজে ব্ৰহ্মপুত্ৰত খহনীয়া বৃদ্ধি পোৱাৰ আশংকা কৰি ফেৰী আৱদ্ধ কৰিছিল বুলি মত প্ৰকাশ কৰিছে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলা পৰিষদৰ পৰা নিবিদাৰ জৰিয়তে ফেৰী কৰ্তৃপক্ষই ঘাট আৱণ্টন লৈছে। অথচ জিলা পৰিষদৰ পৰা ফেৰী চলাচলৰ বাবে বৰ্তমানে ঘাটৰ সমস্যা সমাধান কৰি নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।

ফেৰী চলাচল বন্ধ কৰিলে সহস্ৰাধিক লোক ধুবুৰীলৈ যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সম্মুখীন হব। জিলা পৰিষদৰ পৰা ফেৰী চলাচলৰ বাবে ঘাটনৰ ব্যৱস্থা কৰিবলৈ ফেৰী চালক সন্থাৰ লেচীয়ে দাবী তুলিছে।

ধুবুৰী-হাটশিঙিমাৰীত যাত্ৰীবাহী ফেৰীত সামগ্ৰী কঢ়িওৱাক লৈ উত্তেজনা...
কামপুৰত ভাৰতীয় ভাষা দিৱস পালন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in