প্ৰসংগ গহপুৰৰ হত্যাকাণ্ড : পুনৰ ৩দিনৰ আৰক্ষীৰ জিম্মাত তিনি অভিযুক্ত

প্ৰসংগ গহপুৰৰ হত্যাকাণ্ড : পুনৰ ৩দিনৰ আৰক্ষীৰ জিম্মাত তিনি অভিযুক্ত

ডিজিটেল সংবাদ,ছয়দুৱাৰ : গহপুৰ আৰক্ষী থানাৰ অধীনস্থ হাৱাজান আৰক্ষী চকীৰ এলেকাধীন পূব কলাবাৰীৰ দেউৰীচুকত অনুষ্ঠিত হোৱা শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ থলীত যোৱা ১৮ ডিচেম্বৰৰ নিশা প্ৰায় ৯-৩০ বজাত সংঘটিত নৃশংস হত্যাকাণ্ডৰ সৈতে জড়িত ৩অভিযুক্তক ৩দিনৰ কাৰণে জিম্মাত লৈছে গহপুৰ আৰক্ষীয়ে। অভিযোগ মতে দেউৰীচুক গাঁৱৰ অকন বৰদলৈ(৩০) নামৰ ধৃত যুৱকজনৰ নেতৃত্বত সংঘটিত হোৱা উক্ত ঘটনাটোৰ লগত জড়িত আছিল তেওঁৰ ভাতৃ মদন বৰদলৈ(২৮) আৰু পিতৃ কৃষ্ণ বৰদলৈ(৬০)।

বনদস্যুৰ দৰে হাতত ডেগাৰ লৈ একেখন গাঁৱৰ দুই পিতা-পুত্ৰ ক্ৰমে হিতেশ্বৰ শইকীয়া(৪৭) আৰু তেওঁৰ পুত্ৰ শ্যামন্ত শইকীয়া(২৫)ক হানি খুচি হত্যা কৰি আসুৰিক তৃপ্তি লোৱা উক্ত জঘন্য ঘটনাটোৰ সৈতে জড়িত অকন,মদন আৰু কৃষ্ণক সেই দিনা নিশাই গহপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। মংলবাৰে তেওঁলোকক আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাৰ পিছত পুনৰ ৩দিনৰ বাবে জিম্মাত লয় গহপুৰ আৰক্ষীয়ে।

সম্প্ৰতি গহপুৰ আৰক্ষী থানাৰ লকআপত একেলগে বন্দী হৈ থকা পিতৃ কৃষ্ণ বৰদলৈ আৰু তেওঁৰ দুই পুত্ৰ অকন আৰু মদন বৰদলৈক অধিক তথ্য উদঘাটনৰ বাবে জেৰা চলাই আছে। একেটা স্থানতে পিতা-পুত্ৰক হত্যা কৰি বন্য উল্লাস লোৱা উক্ত তিনি পাষণ্ডই যাতে আদালতৰ ৰায়ত ফাঁচীৰ দৰে কঠোৰ শাস্তি পায়,তাৰ ওপৰত গুৰুত্ব দি নিখুঁতভাৱে চাৰ্জশ্বিট প্ৰস্তুত কৰিবলৈ তদন্তকাৰী বিষয়াৰ ওচৰত কঠোৰ দাবী জনাইছে গহপুৰ মহকুমাৰ সচেতন ৰাইজে।

ঘটনা সংক্ৰান্তত ভাৰতীয় দণ্ডবিধী আইনৰ ৩০২/৩৪ ধাৰাৰ অধীনত ২৪৮/২৩ নম্বৰত গহপুৰ আৰক্ষী থানাত ৰুজু হৈছে এটা গোচৰ। ইপিনে গহপুৰ আৰক্ষীৰ তৎপৰতাৰ বাবে পৰিৱেশ শান্ত আৰু স্বাভাৱিক হৈ আছে দেউৰীচুক গাঁৱৰ।

উল্লেখযোগ্য যে নিহত হিতেশ্বৰ শইকীয়া আৰু পুত্ৰ শ্যামন্ত শইকীয়াৰ তিলনিৰ সামাজিক আৰু ধৰ্মীয় কৰ্ম বুধবাৰে সম্পাদন হয়। একেখন ঘৰৰ শাহু আৰু বোৱাৰীৰ সেন্দুৰ চিৰদিনলৈ মচ খোৱাৰ পিছত অসহায় হৈ পৰা পৰিয়ালটোৰ মাজত বন্ধ হোৱা নাই কান্দোনৰ ৰোল। দুটি এমাডিমা সন্তানক লৈ এক অনাকাংক্ষিত পৰিৱেশৰ মাজত সোমাই হৈ পৰা নিহত শ্যামন্তৰ পত্নীয়ে এতিয়া কান্দি কান্দি ভাগৰি পৰিছে।

প্ৰসংগ গহপুৰৰ হত্যাকাণ্ড : পুনৰ ৩দিনৰ আৰক্ষীৰ জিম্মাত তিনি অভিযুক্ত
২৪ টা ভাষা সামৰি ঘোষণা কৰা হ'ল ২০২৩ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in