সমগ্ৰ ধুবুৰীত ১৪৪ ধাৰা জাৰিঃ নিশা ডাম্পাৰ, টেক্টৰ, ই-ৰিক্সা চলাচলত নিষেধাজ্ঞা...

সমগ্ৰ ধুবুৰীত ১৪৪ ধাৰা জাৰিঃ নিশা ডাম্পাৰ, টেক্টৰ, ই-ৰিক্সা চলাচলত নিষেধাজ্ঞা...
সমগ্ৰ ধুবুৰীত ১৪৪ ধাৰা জাৰিঃ নিশা ডাম্পাৰ, টেক্টৰ, ই-ৰিক্সা চলাচলত নিষেধাজ্ঞা...

ডিজিটেল সংবাদ ধুুবুৰীঃ যোৱা কেইসপ্তাহমানৰ পৰা ৰাজ্যখনত পথ দুৰ্ঘটনা ফলত মৃত্যুৰ সংখ্যা যথেষ্ট পৰিমানে বৃদ্ধি পাইছে। সেয়ে বৰ্তমান ঘন-কুঁৱলীৰ বতৰত যি কোনো ধৰণৰ যান-বাহন পথ দুৰ্ঘটনা হোৱাৰ আশংকাত তথা ৰাইজৰ জীৱন আৰু নিৰাপত্তা প্ৰদানৰ বাবে ধুবুৰী জিলাৰ জিলা দণ্ডাধীশৰ এক আদেশ মৰ্মে সমগ্ৰ ধুবুৰী জিলাৰ লগতে বিলাসীপাৰা মহকুমাতো প্ৰযোজ্য হোৱাকৈ ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

এই নিষেধাজ্ঞা মতে ৰাষ্ট্ৰীয় ঘাই পথত ই- ৰিক্সাসমূহ সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৮ বজালৈ সম্পূৰ্ণৰূপে চলাচলত নিষিদ্ধ কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাই পথত আৰু ৰাজ্যিক পথত ডাম্পাৰ, ট্ৰেক্টৰৰ সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৭ বজালৈ সম্পূৰ্ণৰূপে চলাচলত নিষিদ্ধ কৰা হৈছে ।

যি কোনো ধৰণৰ যানবাহন ৰাষ্ট্ৰীয় ঘাই পথত আৰু ৰাজ্যিক পথৰ কাষত থকা ধাবা, হোটেল, ৰিজৰ্টৰ সন্মুখত পথত পাৰ্কিং কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। এই আদেশ পৰবৰ্তি নিৰ্দেশ নিদিয়ালৈকে বাহাল থাকিব বুলি বিলাসীপাৰা মহকুমা প্ৰশাসনে এক বিবৃতিত কয়।

সমগ্ৰ ধুবুৰীত ১৪৪ ধাৰা জাৰিঃ নিশা ডাম্পাৰ, টেক্টৰ, ই-ৰিক্সা চলাচলত নিষেধাজ্ঞা...
তামুলপুৰত ৫ হাজাৰ লোকে যোগদান কৰিলে বি পি এফত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in