তামুলপুৰত ৫ হাজাৰ লোকে যোগদান কৰিলে বি পি এফত...

তামুলপুৰত ৫ হাজাৰ লোকে যোগদান কৰিলে বি পি এফত...
তামুলপুৰত ৫ হাজাৰ লোকে যোগদান কৰিলে বি পি এফত...

ডিজিটেল সংবাদ তামুলপুৰঃ তামুলপুৰ জিলাৰ সোণকুৰিহাৰ নোনাপাৰ আৰু মিলন বজাৰত আজি দুখনকৈ সভা অনুষ্ঠিত কৰে বিপিএফ দলে। তামুলপুৰ জিলা বি পি এফৰ সভাপতি মহেশ্বৰ বসুমতাৰীৰ সঞ্চালনাত অনুষ্ঠিত দুয়োখন সভাতে বি পি এফ দলৰ সভাপতি তথা বি টি চিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰে ৷

সোণকুৰিহাৰ নোনাপাৰত অনুষ্ঠিত সভাখনত পাঁচহাজাৰ পুৰুষ, মহিলাই আজি বি পি এফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ হাগ্ৰামা মহিলাৰীসহ দলটোৰ বিধায়ক, প্ৰাক্তন বিধায়কসকলে দলটোৰ ফালৰ পৰা তেওঁলোকক উষ্ম আদৰণি জনাই।

পিছত হাগ্ৰামা মহিলাৰীয়ে মিলন বজাৰত উপস্থিত হৈ বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সতে মতবিনিময় কৰে দলীয় নেতৃত্বৰ সৈতে ৷ মিলন বজাৰতো হাগ্ৰামা মহিলাৰীয়ে ৰাইজক সম্বোধন কৰি আগন্তুক লোকসভা নিৰ্বাচনত বি পি এফ দলৰ প্ৰতীকত ভোট দি দলটোক সমৰ্থন জনোৱাৰ আহ্বান জনোৱাৰ উপৰিও ৰাইজক মাটি লাগে নে ব্লকৰ তৰফৰ পৰা দিয়া পোন্ধৰহাজাৰ টকা লাগে বুলিও প্ৰশ্ন কৰে।

মহিলাৰীয়ে ডি ভোটাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আইনৰ কথা কৈ কেৱল ৰাইজৰ মাটিৰ পট্টা দিয়াৰ কথাহে কৈ বিপিএফ দলক সমৰ্থন দিলে সকলোৰে মাটিৰ কাগজ পত্ৰ কৰি দিয়াৰ আশ্বাস দিয়ে ৷ তেওঁ কয়- মাটি হে আচল ৷ মাটিৰ কাগজ নহলে একো কৰিব নোৱাৰি ৷ মাটিৰ সমস্যা সমাধান কেৱল আমিহে কৰিম৷

আজিৰ সভাত বিধায়ক দুৰ্গাদাস বড়ো, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, প্ৰাক্তন বিধায়ক ইমানুৱেল মছাহাৰী, হিতেশ বসুমতাৰী, মনেশ্বৰ ব্ৰহ্ম, প্ৰাক্তন কাৰ্যবাহী সদস্য অংশুমৈ বড়ো, মহিলা নেত্ৰী আখটাৰা বেগম, চন্দ্ৰকলা ব্ৰহ্ম, দলৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক প্ৰমুখ্যে তামুলপুৰ জিলাৰ দলীয় নেতা কৰ্মীসকল উপস্থিত থাকে।

তামুলপুৰত ৫ হাজাৰ লোকে যোগদান কৰিলে বি পি এফত...
পাৱাৰগ্ৰীডে কাছাৰ জিলাৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে দিব ৩.৯ কোটি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in