মধুপুৰ সত্ৰ উন্নয়নকলৈ কৰা অভিযোগ সন্দৰ্ভত সত্ৰ সমিতিৰ প্ৰতিক্ৰিয়া

মধুপুৰ সত্ৰ উন্নয়নকলৈ কৰা অভিযোগ সন্দৰ্ভত সত্ৰ সমিতিৰ প্ৰতিক্ৰিয়া

ডিজিটেল সংবাদ,ধুবুৰী : অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ কোচবিহাৰৰ মধুপুৰ সত্ৰ। সত্ৰ উন্নয়নৰ ক্ষেত্ৰত অসম চৰকাৰে কোনোধৰণৰ উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা নাই বুলি অসম তৃণমূল কংগ্ৰেছৰ নেতৃবৃন্দই উত্থাপন কৰা অভিযোগ সন্দৰ্ভত মধুপুৰ সত্ৰ সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

এই সম্পৰ্কে মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে প্ৰকাশ কৰা এটা বিবৃতিত ৰাজনৈতিক দলটোৰ অভিযোগক খণ্ডন কৰে। বিবৃতিত কয় যে, ১৯৬০ চনৰ পৰাই সত্ৰ সমিতিৰ সহযোগত তেতিয়াৰ পৰা বৰ্তমান লৈ কাৰ্য্যনিৰ্বাহ কৰি থকা অসম চৰকাৰে সত্ৰখনৰ উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰি আহিছে।

সত্ৰখনৰ নিৰাপত্তাৰ বাবে সত্ৰখনৰ চাৰিওফালে থকা পকী বেৰসমূহ অসম চৰকাৰৰ উদ্যোগতেই নিৰ্মাণ কৰা হৈছে। ইয়াৰোপৰি সত্ৰাধিকাৰৰ বাসগৃহ নিৰ্মাণ আৰু সত্ৰৰ মূল মণিকূট নিৰ্মাণৰ ক্ষেত্ৰটো অসম চৰকাৰে বিভিন্ন সময়ত সহায় আগবঢ়াই অহাৰ লগতে সত্ৰখনত প্ৰতি বছৰে উদযাপন কৰা মধুপুৰ মহোৎসৱকে ধৰি বিভিন্ন অনুষ্ঠানত অসম চৰকাৰে সহায় সহায়-সহযোগ আগবঢ়াই আহিছে।

এই আঁচনিসমূহৰ দ্বাৰা সত্ৰখন লৈ আগমন ঘটা হেজাৰ হেজাৰ ভক্তপ্ৰাণ ৰাইজ উপকৃত হৈ আহিছে। এই ক্ষেত্ৰত পশ্চিমবংগ চৰকাৰেও বিভিন্ন ধৰণে সহায় সহযোগ আগবঢ়াই আছে।

পশ্চিমবংগ চৰকাৰে ইতিমধ্যে ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সত্ৰখন লৈ যোৱা পথটো পকীকৰণ কৰাৰ লগতে কেইবাটাও অতিথিশালা নিৰ্মাণ কৰিছে। শেহতীয়াভাৱে পশ্চিমবংগ চৰকাৰে এক ৬মহলীয়া যাত্ৰী নিবাস নিৰ্মাণৰ কথা সক্ৰিয়ভাৱে বিবেচনা কৰি আছে।

আশা কৰা হৈছে- এই আঁচনিখন অতি সোনকালে কাৰ্য্যকৰী হৈ উঠিব ! সত্ৰখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাইজৰ সহযোগত পশ্চিমবংগ চৰকাৰ আৰু প্ৰতিখন অসম চৰকাৰে নিজৰ নিজৰ নীতি অনুসৰি কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰি আহিছে।

১৯৮৮ চনতেই তদানীন্তন অসম চৰকাৰে যাত্ৰী নিবাস নিৰ্মাণ কৰাৰ লগতে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে অসম চৰকাৰে এটা সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰিছিল। এই কেন্দ্ৰটোৰ দ্বাৰাই অসম চৰকাৰে উত্তৰবঙ্গৰ বিভিন্ন অঞ্চলত সত্ৰ সমিতিৰ উদ্যোগত সত্ৰীয়া সংস্কৃতিৰ বিভিন্ন কৰ্মশালা, আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰি আহিছে।

সত্ৰখনত অসম চৰকাৰে বিভিন্ন প্ৰকল্পৰ জৰিয়তে যাত্ৰী নিবাস, সাংস্কৃতিক মঞ্চ আৰু প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি উলিয়াইছে। সমান্তৰালভাৱে বৰ্তমান চৰকাৰখনেও এটা অত্যাধুনিক সাংস্কৃতিক ভৱন নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লগতে দুটা অতিথিশালা নিৰ্মাণৰ কাম সমাপ্ত কৰিছে।

ইয়াৰোপৰি অসম চৰকাৰে সত্ৰখনত নিৰ্মল পানী যোগান অব্যাহত ৰখাৰ বাবে এটা পানী যোগান প্ৰকল্পও নিৰ্মাণ কৰি উলিয়াইছে। শেহতীয়াকৈ অসম চৰকাৰে সত্ৰত থকা শংকৰদেৱে হাতে লিখা সাঁচিপাতৰ পুথি আৰু ৰজাদিনীয়া অন্যান্য আপুৰুগীয়া সম্পদ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰাৰ কাৰণে সত্ৰত এটা সংগ্ৰাহালয় নিৰ্মাণৰ বাবে প্ৰয়োজনীয় পুঁজিৰ আবণ্টন দিছে।

পৰ্যটন বিভাগৰ এটা অতিথিশালা আছে যদিও প্ৰয়োজনীয় পৰিচালনাৰ অভাৱত অতিথিশালাটো ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে। আশা কৰা হৈছে- অসম চৰকাৰে এই ক্ষেত্ৰত পৰ্যটন গৃহটো কাৰ্য্যক্ষম কৰাৰ বাবে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিব !

সত্ৰ সমিতিয়ে বিবৃতিটোত লগতে জনাইছে যে, সত্ৰখন আজি লৈ দলীয় ধ্যান-ধাৰণা আৰু মতাদৰ্শৰে পৰিচালিত হোৱা নাই। সত্ৰ সমিতিয়ে ৰাইজৰ সহযোগত প্ৰতিখন চৰকাৰৰ লগত এক সোহাৰ্দ্যপূৰ্ণ পৰিৱেশত সত্ৰখনে উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে।

শেহতীয়াভাৱে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ একান্ত তৎপৰতাত গুৰুজনাই দেহ ত্যাগ কৰা মূল ঠাই কাকতকুটা অঞ্চলটো পৰ্যটনৰ থলী হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰে এক অভিলাসী আঁচনি গ্ৰহণ কৰিছে। এনে প্ৰেক্ষাপটত অসম চৰকাৰে সত্ৰখনৰ প্ৰতি অনিহা প্ৰকাশ কৰা বুলি কৰা অভিযোগক নস্যাৎ কৰি মধুপুৰ সত্ৰ সমিতিয়ে উন্নয়নমূলক আঁচনিসমূহ সফল ৰূপায়ণৰ ক্ষেত্ৰত সহায় সহযোগ আগবঢ়াবলৈ ৰাইজক আহ্বান জনাইছে।

মধুপুৰ সত্ৰ উন্নয়নকলৈ কৰা অভিযোগ সন্দৰ্ভত সত্ৰ সমিতিৰ প্ৰতিক্ৰিয়া
৮০ উৰ্দ্ধৰ গুণৰাম বৰুৱাই লিখি উলিয়ালে অনাদি অনন্ত কালৰ কেলেণ্ডাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in