চাপৰৰ ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা...

চাপৰৰ ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা...
চাপৰৰ ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা...

ডিজিটেল সংবাদ চাপৰঃ চাপৰৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। চাপৰৰ কলোনীত সংঘটিত হয় এই দুৰ্ঘটনা।প্ৰাপ্ত বাতৰি মতে এখন নম্বৰবিহীন চোৰাং কাঠ ভৰ্তি দ্ৰুতবেগী বলেৰো বাহন পথৰ ওপৰত বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাগ্ৰস্থ বাহনখনৰ পৰা মকবুল হুছেইন, এটা স্থানীয় পৰ্টেলৰ সাংবাদিকৰ পৰিচয় পত্ৰও উদ্ধাৰ হোৱাত ৰহস্য অধিক ঘনিভূত হৈছে। ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগিতাত দুৰ্ঘটনাগ্ৰস্থ বাহনখনৰ পৰা আহত সকলক উদ্ধাৰ কৰি চাপৰ চিকিৎসালয়ত ভৰ্তি কৰে।

আহত লোক সকল ক্ৰমে মাহম্মুদ আলী, আব্বাচ আলী আৰু আসাদ আলী বুলি জানিব পৰা যায়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত তিনিওকে উন্নত চিকিৎসাৰ বাৱে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তিনিওজনৰ ঘৰ চাপৰত।

উল্লেখ্য যে, নিশা প্ৰায়ে চাপৰৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হয় চোৰাং কাঠ।বহলপুৰ আঞ্চলিক বন বিভাগৰ সোপাঢিলা নীতিৰ বাবেই প্ৰায়ে চোৰাং কাঠ সৰবৰাহ হৈ থকাৰ লগতে বৃহত্তৰ চাপৰ অঞ্চল চোৰাং কাঠ সৰবৰাহৰ ঘাটিত পৰিণত হৈছে বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে।

চাপৰৰ ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা...
মঙলদৈ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in