মঙলদৈ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা...

মঙলদৈ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সোণালী জয়ন্তি উপলক্ষে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা...
মঙলদৈ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সোণালী জয়ন্তি উপলক্ষে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা...

ডিজিটেল সংবাদ মঙলদৈঃ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠাত মঙলদৈ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই পালে এক সুকীয়া স্থান ৷অসম তথা দৰং জিলাৰ বিভিন্ন কৃষ্টি সংস্কৃতি প্ৰতিফলন ঘটিল এই সাংস্কৃতিক শোভাযাত্ৰাত ৷

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্ৰথমখন চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠান ২৭ আৰু ২৮ তাৰিখে দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। মঙলদৈ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ে সম্পূৰ্ণ কৰিলে ৫০টি বৰ্ণিল বছৰ।

১৯৭৩ চনত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে দৰং জিলাৰ লগতে ভাৰতবৰ্ষৰ বহু শিক্ষকক প্ৰশিক্ষণ দি আহিছে৷ দুদিনিয়াকৈ আয়োজিত সোণালী জয়ন্তী সামৰণি অনুষ্ঠানত এক বিশেষ সাংস্কৃতিক শোভাযাত্ৰাৰে সমগ্ৰ মঙলদৈ চহৰ পৰিভ্ৰমণ কৰিলে ৷

দুপৰীয়া ১২ বজাত বিশিষ্ট চিকিৎসক তথা সাহিত্যিক তথা উদযাপন সমিতিৰ সভাপতি ডাঃ অমৰেন্দ্ৰ নাৰায়ণৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচনী সভা। এই সভা উদ্বোধন কৰে অৱসৰী প্ৰতিষ্ঠাপক অধ্যক্ষা কানন বৰদলৈয়ে ৷ উক্ত সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।

সভাত বিশেষভাৱে অংশগ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ড০ কনক চহৰীয়া, অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সঞ্চালক ড০ নিৰদা দেৱী, প্ৰাক্তন মন্ত্ৰী তথা মঙলদৈৰ বিধায়ক বসন্ত দাস, ৰঙিয়া টি টি কলেজৰ অধ্যক্ষ ড০ পাৰ্থ ফুকন মহন্তৰ উপৰি অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ইদ্ৰিছ আলি, উদ্যোগপতি মুকুল চন্দ্ৰ ডেকা, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলাকান্ত বড়া আৰু ছিপাঝাৰ কলেজৰ অধ্যক্ষ ড০ প্ৰদীপ চন্দ্ৰ ডেকাই ৷

উক্ত সভাতেই স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মাই ৷ সন্ধিয়া পতাকা অৱতৰণৰ পাছতে সাংস্কৃতিক বিচিত্ৰানুষ্ঠান উদ্বোধন কৰিব প্ৰাক্তন প্ৰশিক্ষাৰ্থী তথা বিশিষ্টা নৃত্য পটিয়সী ৰূপ শিখা শালৈয়ে ৷

বিচিত্ৰানুষ্ঠানটি বিশিষ্ট কন্ঠশিল্পী ড০ মৌচুমী চহৰীয়াৰ লগতে একাধিক শিল্পীৰ দলে সজাই তুলিব বুলি উদযাপন সমিতিৰ সম্পাদক অধ্যাপক হেমন্ত কুমাৰ তামুলী আৰু যুটীয়া সম্পাদক বীৰেশ্বৰ ডেকাই জনায়।

মঙলদৈ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সোণালী জয়ন্তি উপলক্ষে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা...
বোকাখাত জাতীয় বিদ্যালয়ত‌ সঁফুৰা বৃত্তি পৰীক্ষা ২০২৩-২৪ : ৩১৭ পৰীক্ষাৰ্থী অৱতীৰ্ণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in