/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/4e14f22b-5e25-4f05-b5a9-7b2239fcad6e/b3.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ সৌজন্যত আৰু ধুবুৰী জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অহা ১১ ফেব্ৰুৱাৰীত অসমৰ সকলো জিলাৰ লগতে ধুবুৰী জিলাতো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব ৷ সকলোধৰণৰ পাৰিবাৰিক বিবাদৰ গোচৰ, আপোচযোগ্য ফৌজদাৰী গোচৰ আৰু অন্যান্য গোচৰসমূহ আপোচ মীমাংসাৰ জৰিয়তে লোক আদালতত নিষ্পত্তি কৰা হ'ব ৷
ধুবুৰী আদালত কক্ষত হ'বলগীয়া লোক আদালতত গোচৰ মীমাংসাৰ বাবে আগবাঢ়ি আহিবলৈ ধুবুৰী জিলা আইন সেৱা প্ৰাধিকাৰীয়ে ৰাইজক আহ্বান জনায় ৷
আৰু পঢ়কঃ বিজেপি-এনডিপিপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা