ধুবুৰীৰ বিলত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ

ইয়াৰ বৈজ্ঞানিক নাম পেংশুৰা ছিলহেটেনচিচ

author-image
Asomiya Pratidin
New Update
ধুবুৰীৰ বিলত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলাৰ শৌলমাৰীৰ খেকশিয়ালী হুলিয়ামাৰী বিলৰ পৰা মাছ মাৰিবগৈ এগৰাকী মহিলাই উদ্ধাৰ কৰে এটি বিৰল প্ৰজাতিৰ কাছ। পিচত এই সন্দৰ্ভত অঞ্চলটোৰ সচেতন লোকে ধুবুৰীৰ প্ৰকৃতিপ্ৰেমী যুৱক মেহতাব উদ্দিনক খবৰ দিয়ে।

Advertisment

ইয়াৰ পাছতে শনিবাৰে পুৱা প্ৰকৃতিপ্ৰেমী যুৱকগৰাকীয়ে ধুবুৰী বন বিভাগৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ উক্ত বিৰল প্ৰজাতিৰ কাছটি উদ্ধাৰ কৰি ধুবুৰী লৈ নিয়ে। এই কাছক আচাম ৰুফটেট টাৰ্টল বুলি কোৱা হয়। ইয়াৰ বৈজ্ঞানিক নাম পেংশুৰা ছিলহেটেনচিচ।

স্থানীয় ৰাইজে বিৰল প্ৰজাতিৰ কাছটিক উদ্ধাৰ কৰি সযত্নে ৰখাৰ বাবে ধুবুৰী বন বিভাগে ৰাইজৰ প্ৰতি কৃতজ্ঞতা জনাইছে। আজি প্ৰকৃতিপ্ৰেমী যুৱক মেহতাব উদ্দিন আহমেদে বন বিভাগৰ সহযোগত ধুবুৰীত ব্ৰহ্মপুত্ৰ নৈত কাছটোক এৰি দিয়ে জনায়।

উল্লেখযোগ্য যে উদ্ধাৰকৃত বিৰল প্ৰজাতিৰ কাছটো বাংলাদেশ আৰু অসমৰ নৈ-বিলত পোৱা যায় বুলি জানিব পৰা গৈছে।

Also Read: কানপুৰত ৰবিচন্দ্ৰন অশ্বিনৰ কৃতিত্ব

BEEL turtles