কানপুৰত ৰবিচন্দ্ৰন অশ্বিনৰ কৃতিত্ব

শুকুৰবাৰৰ পৰা কানপুৰৰ গ্ৰীন পাৰ্কত অনুষ্ঠিত হৈছে ভাৰত-বাংলাদেশৰ মাজৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ।

author-image
Asomiya Pratidin
New Update
কানপুৰত ৰবিচন্দ্ৰন অশ্বিনৰ কৃতিত্ব

ডিজিটেল ডেস্ক : শুকুৰবাৰৰ পৰা কানপুৰৰ গ্ৰীন পাৰ্কত অনুষ্ঠিত হৈছে ভাৰত-বাংলাদেশৰ মাজৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ। এই মেচখনত অভিজ্ঞ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনে ৰচিছে এক কৃতিত্ব।

Advertisment

অভিজ্ঞ স্পীনাৰগৰাকীয়ে এছিয়াৰ মাটিত অনুষ্ঠিত মেচত ভাৰতৰ সৰ্বাধিক উইকেট দখল কৰা খেলুৱৈ হিচাপে এই কৃতিত্ব গঢ়ে। বাংলাদেশৰ অধিনায়ক নাজমূল হুছেইনৰ উইকেট দখল কৰাৰ লগে লগে এছিয়া মহাদেশত ৪২০ টা উইকেট দখল কৰাৰ গৰাকী হয় ৰবিচন্দ্ৰন অশ্বিন।

ইয়াৰ পূৰ্বে এই কৃতিত্বৰ গৰাকী আছিল অনিল কুম্বলে। কুম্বলেৰ নামত আছে ৪১৯ টা উইকেট।   

Also Read: দ্বিতীয় টেষ্টৰ পূৰ্বে বিৰাট কোহলিকলৈ চিন্তিত মেনেজমেন্ট

ravichandran ashwin