ডিজিটেল সংবাদ ধুবুৰীঃ আজি ধুবুৰীত উপস্থিত হৈ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে ধুবুৰীৰ ছটাকৈ পৌৰসভা ক্ৰমে ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, বিলাসীপাৰা, চাপৰ আৰু সাপটগ্ৰামৰ পদেন সদস্য হিচাপে শপতগ্ৰহণ কৰে। এই উপলক্ষে ধুবুৰী পৌৰসভাত অনুষ্ঠিত হোৱা শপতগ্ৰহণ অনুষ্ঠানত ধুবুৰী পৌৰসভাৰ পৌৰপতি ডা: দেৱময় সান্নাল, ধুবুৰী জিলাৰ অতিৰিক্ত আয়ুক্ত বণ্টি তালুকদাৰ, ধুবুৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়াকে ধৰি আটাইকেইখন পৌৰসভাৰ পৌৰপতিকে ধৰি অন্যান্য বিষয়-ববীয়াসকল উপস্থিত থাকে।
এই সভাতেই সাংসদগৰাকীয়ে আগন্তক দিনত ধুবুৰী জিলাৰ ছটাকৈ পৌৰসভালৈ সাংসদ পুঁজিৰ পৰা ১২ লাখ টকাকৈ অনুদান দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। লগতে ধুবুৰীৰ উন্নয়নৰ ক্ষেত্ৰত সকলোকে একেলগে কাম কৰি যোৱাৰ বাবেও তেঁও আহ্বান জনায়।
ইয়াৰোপৰি তেওঁ ধুবুৰী, ডিব্ৰুগড়, শিলচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী বেঞ্চ নিয়োগ কৰাৰ দাবী জনায় সাংসদগৰাকীয়ে। অনুষ্ঠানৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাতত তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰি লয়। তেওঁ কয়,মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিন আহি আছে। মুখ্যমন্ত্ৰীৰ মুখখন চালেই গম পোৱা যায়।
তেওঁ কয়, বিজেপিৰ পুৰণি নেতা-কৰ্মীসকলক একাষৰীয়া কৰি ৰখাৰ বাবেই বিজেপিৰ পুৰণি নেতাসকল ক্ষুব্ধ হৈছে। একাংশ পুৰণি বিজেপি নেতাই জনোৱা অনুসৰি তেঁওলোকে আদৰ্শ আৰু নীতিৰ বাবেই কংগ্ৰেছত যোগদান নকৰে। কিন্তু কংগ্ৰেছৰ পৰা যি কেইজন আহি বিজেপি দলত সোমাইছিল সেই ন-বিজেপিখিনিয়েই দলটোক ধ্বংস কৰিলে।
সাংসদ হুছেইনে বিজেপিৰ পুৰণি নেতাসকলে এইবাৰ ঐক্যবদ্ধ হৈ বিজেপিৰ নতুন নেতাসকলক দলৰ পৰা বাহিৰ কৰি দিব বুলিও ভৱিষ্যৎ বাণী কৰিছে।