ৰাখী পূৰ্ণিমা উপলক্ষে ধুবুৰী বিএছএফ ৱাটাৰ উইঙত বিশেষ কাৰ্যসূচীৰ আয়োজন

ৰাখী পূৰ্ণিমা উপলক্ষে ধুবুৰী বিএছএফ ৱাটাৰ উইঙত বিশেষ কাৰ্যসূচীৰ আয়োজন

author-image
Asomiya Pratidin
New Update
ৰাখী পূৰ্ণিমা উপলক্ষে ধুবুৰী বিএছএফ ৱাটাৰ উইঙত বিশেষ কাৰ্যসূচীৰ আয়োজন

ডিজিটেল সংবাদ,ধুবুৰীঃ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ অসমৰ ধুবুৰী জিলা কমিটীয়ে সোমবাৰে ৰাখী পূৰ্ণিমা উপলক্ষে ধুবুৰীৰ বিএছএফ ৱাটাৰ উইংঙত এটি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে। ঘৰ তথা পৰিয়ালৰ পৰা বহু দূৰত থাকি সীমান্ত তথা নদী পথ এলেকাত নিজৰ দায়িত্ব পালনেৰে সষ্টম হৈ থকা বিএছএফৰ বিষয়া-জোৱান সকলক সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ অসমৰ ধুবুৰী জিলা কমিটীৰ মহিলা কৰ্ম-কৰ্তা সকলে ৰাখী পিন্ধায় আৰু তেঁওলোকৰ মংগল কামনা কৰে।

আজি ধুবুৰীস্থিত বিএছএফৰ ৱাটাৰ উইঙৰ কেম্পত বিএছএফৰ ৱাটাৰ উইঙৰ সহকাৰী কমাণ্ডেণ্ট পি চি ঘোষ, সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ অসমৰ ধুবুৰী নগৰ সমিতিৰ সভাপতি উদয়ন চক্ৰৱৰ্তী আৰু সম্পাদক বিপুল প্ৰসাদ, সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ অসমৰ ধুবুৰী জিলা কমিটীৰ প্ৰচাৰ সম্পাদক দিৱস অধিকাৰী, সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ অসমৰ মহিলা কৰ্ম-কৰ্তা সকলকে ধৰি সংগঠনটোৰ অন্যান্য কাৰ্যকৰ্তা সকল উপস্থিত থাকে।

সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ অসমৰ ধুবুৰী জিলা কমিটীৰ প্ৰচাৰ সম্পাদক দিৱস অধিকাৰীয়ে সাংবাদিকৰ আগত কয় যে, ৰাখীবন্ধন হৈছে ভাতৃ আৰু ভগ্নীৰ মাজৰ এটা পৱিত্ৰ দিন। যিটো দিনত বায়েকে অথৱা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ সূতা এডাল বান্ধি দিয়ে। সেই ৰাখীডালতে প্ৰকাশ পাই উঠে যেন মৰম-চেনেহবোৰ ইজনে সিজন প্ৰতি থকা মংগলকামনা, প্ৰতিশ্ৰুতিবোৰ।

Also Read: তিৱা স্বায়ত্ব পৰিষদত নতুনকৈ গাঁও অন্তৰ্ভুক্তিৰ সমৰ্থনত আদৰণি সভা

BSF water wing dhubri