অসম নাট্য সন্মিলনৰ উদ্যোগত ৰাভা দিৱসৰ আয়োজন

অসম নাট্য সন্মিলনৰ উদ্যোগত ৰাভা দিৱসৰ আয়োজন

ডিজিটেল সংবাদ,ধুবুৰীঃ অসম নাট্য সন্মিলনৰ উদ্যোগত ৰাভা দিৱস পালনৰ আয়োজন। অহা ২০ জুন ৰহাত বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে বিষ্ণুৰাভা দিৱস পালনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।

অসম নাট্য সন্মিলনৰ প্ৰধান সম্পাদক গিৰিধৰ ৰয় আৰু প্ৰচাৰ কোষৰ সভাপতি যুগান্ত বায়নে এটা বিবৃতিৰ যোগে জনাইছে যে, অহা ১৮ জুনত সন্ধিয়া ৭ বজাৰ পৰা বিষ্ণুৰাভা দিৱসৰ লগত সংগতি ৰাখি ৰাভাৰ জীৱন পৰিক্ৰমাৰ সন্দৰ্ভত আলোকপাত কৰিবলৈ ৱেবিনাৰযোগে এক আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

"বিষ্ণু ৰাভাৰ গৱেষণাত নাট, নৃত্য কলা আৰু সংগীত সৰ্ব ভাৰতীয় পটভূমি" প্ৰসংগৰে শীৰ্ষক বিষয়বস্তুৰ ওপৰত এই গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসে উদ্বোধন কৰিবলগীয়া আৰু ড⁰ সঞ্জীৱ কুমাৰ শৰ্মাৰ সঞ্চালনাত হ'বলগীয়া এই আলোচনা চক্ৰত আলোচক হিচাপে অংশ গ্ৰহণ কৰিব বিশিষ্ট নাট পৰিচালক দুলাল ৰয়, বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, লোক সংস্কৃতিৰ বিশিষ্ট গৱেষক ড⁰ অনিল শইকীয়া, ড⁰ পৰমানন্দ মজুমদাৰ, বিশিষ্ট সংগীতজ্ঞ ৰমেন চৌধুৰী, সংগীত শিল্পী ৰঞ্জন বেজবৰুৱা আৰু সাহিত্যিক কনক চন্দ্ৰ শৰ্মাই।

২০ জুনত ৰহাত হ'বলগীয়া বিষ্ণু ৰাভা দিৱসৰ মূল অনুষ্ঠানত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে অসমৰ কেইবাগৰাকীও যশস্বী লোকক সম্বৰ্ধনা জনোৱা হ'ব। উক্ত দিনটোত সন্ধিয়া ৬ বজাৰ পৰা "ৰাভাৰ আভা" শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান উপস্থাপনৰ দিহা কৰা হৈছে।

কুমাৰ দীপক দাসে সভাপতিত্ব কৰিবলগীয়া এই বৰ্ণাঢ্য অনুষ্ঠানত বিষ্ণু প্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বীৰাজ ৰাভা, গণ শিল্পী সূৰ্য্য দাস আৰু ড⁰ শ্যামল শইকীয়াই বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব। অসম নাট্য সন্মিলনে দুয়োটা দিনৰ কাৰ্য্যসূচীত সকলো জিলা মণ্ডল আৰু শাখা সমিতিসমূহক সক্ৰিয়ভাৱে যোগদান কৰিবলৈ আহ্বান জনাইছে।

অসম নাট্য সন্মিলনৰ উদ্যোগত ৰাভা দিৱসৰ আয়োজন
হাজোত ব্লক কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in