শ্ৰীমন্ত শংকৰদেৱৰ বাণী বিলাই পুৰী মহোৎসৱৰ সফল সামৰণি...

শ্ৰীমন্ত শংকৰদেৱৰ বাণী বিলাই পুৰী মহোৎসৱৰ সফল সামৰণি...
শ্ৰীমন্ত শংকৰদেৱৰ বাণী বিলাই পুৰী মহোৎসৱৰ সফল সামৰণি...

ডিজিটেল সংবাদ ধুবুৰীঃ পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত বুধবাৰৰ পৰা অনুষ্ঠিত হোৱা পুৰী মহোৎসৱৰ আজি সামৰণি পৰে ৷ কোচ বিহাৰৰ মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্হিত আজি পুৱা পালনাম অনুষ্ঠিত হয় ৷

আজি পুৱা বিক্ৰম বনিয়াই জাগৰণৰ গীত পৰিবেশন কৰে ৷ পিছত আইসকলৰ নাম প্ৰসংগৰ পিছত শৰণাচাৰ্য বীৰেন্দ্ৰ পাঠকে নিত্য প্ৰসংগ কৰাৰ পিছত পালনাম আৰম্ভ হয় ৷

সংগীত নাটক অকাডেমী বঁটা প্ৰাপক গুনীন্দ্ৰ নাথ ওজাই পালনামৰ মুখ্য পাঠক হিচাপে অংশগ্ৰহণ কৰে ৷ পালনামত পাঠক ৰামায়ণ দাস, ডিম্বেশ্বৰ ভূঞাই নাম পৰিবেশন কৰে৷

পালনামৰ অন্তত শ্ৰীমন্ত শংকৰদেৱ সংস্কৃতি সমাজ পুৰী প্ৰকল্পৰ সম্পাদক বীৰেন্দ্ৰ নাথ পাঠকে সমাজৰ সকলোৰে হৈ আশীশ মাগি থানৰ বাতৰি সোধাত থানৰ বাতৰি কয় সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে ৷

অজি পালনামত সহস্ৰাধিক ভক্তই অংশগ্ৰহণ কৰে ৷ ইপিনে বুধবাৰে নিশা অনুষ্ঠিত হোৱা সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠানত সত্ৰীয়া নৃত্য, ভোৰতাল নৃত্য, লোকগীত, হোলীগীতৰ লগতে ওৰিষ্যা ড্যান্স একাডেমীয়ে ওডিচি নৃত্য পৰিবেশন কৰে ৷

ইয়াৰ পূৰ্বে সংগীত নাটক অকাডেমী বঁটা প্ৰাপক ৰঞ্জুমণি শইকীয়াক শ্ৰীমন্ত শংকৰদেৱ সংস্কৃতি সমাজ পুৰী প্ৰকল্পই সম্বৰ্ধনা জনায় ৷ আজিৰ মহাপালনামত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ভকতৰ উপৰিওঁ ওৰিষাৰ বহু সংখ্যক কৃষ্ণ ভক্তই অংশ গ্ৰহণ কৰে ৷

আজিৰ পালনামত বৰপেটাৰ সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰী, ধূৱাহাটা বেলগুৰিৰ সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ গোস্বামী আৰু ঔতলা সত্ৰৰ সত্ৰাধিকাৰ বাবুল ডে কাই অংশ গ্ৰহণ কৰে ৷ বিয়লি মঞ্চত থিয় নাম পৰিবেশন কৰে বৰঙাজুলি সত্ৰৰ মহিলা নাম দলে থিয় নাম পৰিবেশন কৰে ৷

শ্ৰীমন্ত শংকৰদেৱৰ বাণী বিলাই পুৰী মহোৎসৱৰ সফল সামৰণি...
ড০ গীতালি শইকীয়া আৰু ড০ প্ৰদীপ কুমাৰ ভূঞালৈ হোমেন বৰগোহাঞি ন্যাসৰ স্মাৰক বঁটা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in