/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/1b2adffb-9d52-4438-aa7f-20e540537978/6.jpg)
ডিজিটেল সংবাদ, ধুবুৰী: উৰিষ্যাৰ পুৰীত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পুৰী মহোৎসৱ - ২০২৩ অনুষ্ঠিত হ'ব ৷ কোচ বিহাৰৰ মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে, শ্ৰীমন্ত শংকৰদেৱ সংস্কৃতি সমাজ পুৰী প্ৰকল্পৰ উদ্যোগত পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰত আয়োজন কৰা এই মহোৎসৱত ৬ ডিচেম্বৰৰ পুৱা ৫ বজাত নিৰ্মল দাসে জাগৰণ গীত পৰিবেশন কৰিব ৷
পুৱাৰ প্ৰসংগ পৰিচালনা কৰিব গুৱাহাটীৰ ডিম্বেশ্বৰ ভূঞাই ৷ প্ৰসংগৰ পিছত পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ পৰা শ্ৰী শ্ৰী জগন্নাথ মন্দিৰলৈ ভাগৱত শোভাযাত্ৰা কৰা হ'ব৷ ওডালগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ শৰণাচাৰ্য বিমল ভকতে ভাগৱত বহন কৰিবলগীয়া শোভাযাত্ৰা উদ্ধোধন কৰিব সুন্দৰীদিয়া সত্ৰৰ ডেকা সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে ৷
দুপৰীয়া নতুন কৈ নিৰ্মাণ কৰিবলগীয়া যাত্ৰী নিবাসৰ আধাৰশিলা স্থাপন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংস্কৃতি সমাজ পুৰী প্ৰকল্পৰ সভানেত্ৰী কণিকা পাঠকে ৷ এই সময়ছোৱাত নিৰ্মল দাসৰ নেতৃত্বত অহা দলটিয়ে থিয় নাম পৰিবেশন কৰিব ৷
দুপৰীয়া ১১-৩০ বজাত মুকলি সভা অনুষ্ঠিত হ'ব ৷ শ্ৰীমন্ত শংকৰদেৱ সংস্কৃতি সমাজ পুৰী প্ৰকল্পৰ সভানেত্ৰী কণিকা পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত বৰগীত পৰিবেশন কৰিব সংগীত নাটক অকাডেমী বঁটা প্ৰাপক বিশিষ্ট সত্ৰীয়া শিল্পী গুনীন্দ্ৰ নাথ ওজাই ৷
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব পুৰীৰ শ্ৰী জগন্নাথ সংস্কৃত বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক প্ৰমোদ চন্দ্ৰ মিশ্ৰ ৷ স্মৃতিগ্ৰন্থ উন্মোচন কৰিব ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষক বিবেকাৰঞ্জন ৰায় চৌধুৰীয়ে৷ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰিব পুৰীৰ শ্ৰী জগন্নাথ বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক প্ৰভাল ৰঞ্জন মহাপাত্ৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ বিমল মজুমদাৰে। সন্ধিয়া জিতেন চৌধুৰী সোঁৱৰণী মঞ্চত অনুষ্ঠিত হ'বলগীয়া সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিব পুৰীৰ বাণী ভূষণ শাস্ত্ৰীয়ে ৷
৭ ডিচেম্বৰত পুৱা জাগৰণৰ গীত পৰিবেশন কৰিব পুৰীৰ বিক্ৰম বণিয়াই ৷ পুৱা ৮ বজাত আই সকলৰ নাম ৷ পুৱাৰ প্ৰসংগ পৰিচালনা কৰিব শৰণাচাৰ্য বীৰেন্দ্ৰ নাথ পাঠকে ৷ পুৱা ৯ বজাৰ পৰা পালনাম অনুষ্ঠিত হ'ব ৷ মুখ্য পাঠক হিচাপে পালনামৰ শুভাৰম্ভ কৰিব সংগীত নাটক অকাডেমী বঁটা প্ৰাপক বিশিষ্ট সত্ৰীয়া শিল্পী গুনীন্দ্ৰ নাথ ওজাই ৷ ইতিমধ্যে এই দুয়োটা দিনত অংশ গ্ৰহণ কৰাৰ বাবে অসমৰ পৰা কেবাজনে সত্ৰাধিকাৰসহ সহস্ৰাধিক লোক উৰিষ্যাৰ পুৰীত উপস্থিত হৈছে ৷
Also Read: কৰণী সেনাৰ ৰাষ্ট্ৰীয় সভাপতি সুখদেৱ সিং গোগামেড়ীক গুলীয়াই হত্যা