আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ড চেম্পিয়নশ্বিপত শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন প্ৰিয়াংশু সাহাৰ

আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ড চেম্পিয়নশ্বিপত শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন প্ৰিয়াংশু সাহাৰ

author-image
Asomiya Pratidin
New Update
আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ড চেম্পিয়নশ্বিপত শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন প্ৰিয়াংশু সাহাৰ

ডিজিটেল সংবাদ,ধুবুৰী : বিলাসীপাৰাত বুধবাৰে প্ৰিয়াংশু সাহাক লৈ এক সমদল উলিওৱা হয়। অলপতে কলকাতাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ড চেম্পিয়নশ্বিপ প্ৰতিযোগিতা ২০২৩ অসমৰ হৈ প্ৰতিনিধিত্ব কৰা বিলাসীপাৰাৰ চহৰৰ প্ৰিয়াংশু সাহাই শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰাৰ লগতে প্ৰতিযোগিতাত ৰূপৰ পদক জিকি বিলাসীপাৰালৈ গৌৰৱ কঢ়িয়াই আনিছে।

Advertisment

বিলাসীপাৰা চহৰৰ ১৩ নম্বৰ ৱাৰ্ডৰ নিৱাসী অশোক সাহা আৰু গায়িত্ৰী সাহাৰ বৰপুত্ৰ তথা ইডেন ভেলি ইংলিছ মিডিয়ামৰ দশম শ্ৰেণীৰ ছাত্ৰ প্ৰিয়াংশু সাহাই আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত ৭৮ কিলোগ্ৰাম ওজনত খেলি শ্ৰেষ্ঠ খেলুৱৈৰ লগতে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

ইয়াৰোপৰি তেঁও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত খেলি সোণ,ৰূপ, ব্ৰঞ্জৰ পদক লাভ কৰি বিলাসীপাৰালৈ গৌৰৱ কঢ়িয়াই আনে। উল্লেখ্য যে, সাহাই ইতিমধ্যে অহা ফেব্ৰুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া খেলো ইণ্ডিয়া খেলোত আমন্ত্ৰণ লাভ কৰিছে।

প্ৰিয়াংশু সাহাই আগলৈ অলিম্পিক খেলত অংশগ্ৰহণ কৰিবলৈ হেঁপাহ পুহি ৰাখিছে বুলি কয়।

Also Read: 'অসমীয়া মানুহে কিতাপ নপঢ়ে' শীৰ্ষক আলোচনা আৰু গ্ৰন্থ উন্মোচনী সভা

Taekwondo Championships sports