ধুবুৰীত নেতাজীৰ জন্ম জয়ন্তী পালন

ধুবুৰীত নেতাজীৰ জন্ম জয়ন্তী পালন
ধুবুৰীত নেতাজীৰ জন্ম জয়ন্তী পালন

ডিজিটেল সংবাদ, ধুবুৰীঃ আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ সংখ্যক জন্ম জয়ন্তী। এই উপলক্ষে সমগ্ৰ ধুবুৰী জিলাৰ বিভিন্ন অনুষ্ঠান আৰু দল সংগঠনে দিনজোৰা কাৰ্যসূচীৰে নেতাজীক স্মৰণ কৰে।

এই দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ গৌৰীপুৰ,সাপটগ্ৰাম,বিলাসীপাৰা,চাপৰসহ অন্যান্য অঞ্চলত জন্মজয়ন্তী উৎযাপন কৰা হয়। বিলাসীপাৰাত নেতাজী সেবা সদনে সোমবাৰে চহৰখনৰ মাজমজিয়াত বাবুপাৰাস্থিত নেতাজীৰ প্ৰতিমুৰ্তিৰ সন্মুখত দিনজোৰা কাৰ্যসুচীৰে স্বাধীনতা সংগ্ৰামীগৰাকীৰ স্মৰণ কৰে।

উক্ত কাৰ্যসূচীৰ লগতে সংগতি ৰাখি আজি ৰাতিপুৱা ১১ বজাত পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ কৰে। দিনৰ বাৰ বজাত শঙ্খধ্বনিৰে নেতাজীৰ জন্মলগ্ন ঘোষণা, কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন চিত্ৰাংকন প্ৰতিযোগিতা, দেশ ভক্তিমূলক গীত, আলোচনা চক্ৰ আদিৰ আয়োজন কৰে।

চহৰখনৰ মাজমজিয়া পাঁচমোড়ত নেতাজীৰ প্ৰতিমুৰ্তি ওচৰত সাৰা অসম বাঙালী ঐক্যমঞ্চৰ আহ্বানে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ সংখ্যক জন্মজয়ন্তী উপলক্ষে দেশপ্ৰেম দিৱস উদ্‌যাপন আৰু স্মৃতিগ্ৰন্থ "আজাদ'' উন্মোচন আদি দিনজোৰা কাৰ্যসুচীৰে নেতাজীৰ জন্মজয়ন্তী উৎযাপন কৰে।এই উপলক্ষে আজি ৰাতিপুৱা প্ৰভাত ফেৰীৰো আয়োজন কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in