ডিজিটেল সংবাদ,ধুবুৰী : "আহোমৰ সাজ পিন্ধিবলৈ লাজ কৰা গৌৰৱ গগৈয়ে ঈদত কিন্তু টুপি ভালকৈয়ে পিন্ধি বহি থাকে। তেনেকুৱা মানুহক অসমীয়া মানুহে আদৰি নলয়।" শুকুৰবাৰে ধুবুৰীত এইইদৰে মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । তেওঁ গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰি আৰু কয়- গৌৰৱ গগৈৰ কি হ’ব, কি নহ’ব মই নাজানো, কিন্তু গৌৰৱ গগৈয়ে এইবাৰ পিতৃৰ নামত নহয়, নিজৰ নামত নিৰ্বাচন খেলিব।
গৌৰৱ গগৈয়ে পিতৃৰ নামত নিৰ্বাচন খেলি ইমান দিনে জিকি আহিছিল। পিতৃৰ নামত জিকাৰ তেওঁ গৌৰৱ অৰ্জন কৰি আহিছিল। তৰুণ গগৈৰ নামত তেওঁৰ ল’ৰাই নিৰ্বাচন খেলিছিল, এইবাৰ পিতৃৰ নামত নহয়, গৌৰৱ গগৈয়ে নিজৰ নামত নিৰ্বাচন খেলিব। গৌৰৱ গগৈয়ে নিজৰ নামত নিৰ্বাচন খেলিলে তেওঁক কেনেকৈ একেবাৰে নোহোৱা কৰি দিব পাৰি সেই কামটো আমি জানো বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মন্তব্য কৰে।
ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে কয়- অসমৰ মাটিত যদি কোনো মানুহে শুদ্ধ অসমীয়া ক’ব নাজানে, অসমৰ জাতি-জনগোষ্ঠীৰ কথা বুজি নাপায়, অসমৰ যিটো সত্তা সেই কথাটো বুজি নাপায়, দিল্লীত হিন্দী আৰু ইংৰাজী ক’লে অসমীয়া মানুহে আদৰি ল’ব নেকি বুলি প্ৰশ্ন কৰে। তেওঁ আৰু কয় যে যি অসমীয়া আহোম মানুহে মে-ডাম-মে-ফিৰ দিনাখন আহোমৰ সাজযোৰ পিন্ধিবলৈ লাজ কৰে, কিন্তু ঈদৰ দিনাখন টুপি পিন্ধি বহি থাকে, সেইজন মানুহক অসমীয়া মানুহে কেনেকৈ ভোট দিব বুলি প্ৰশ্ন কৰে।
জয়ন্ত মল্লবৰুৱাই কয়- যোৱা তিনি বছৰৰ গৌৰৱ গগৈৰ ফটো বিলাক চালে এইবোৰ কথাৰ উমান পাব। মে-ডাম-মে-ফিত তেওঁ কেতিয়াও আহোমৰ সাজযোৰ নিপিন্ধে, অথচ নিজকে তেওঁ আহোম বুলি কয়।