গুৰু দুজনাৰ অমিয়া সুৰেৰে মুখৰিত বংগৰ আকাশ-বতাহঃ সত্ৰীয়া কৰ্মশালাৰ সামৰণি

গুৰু দুজনাৰ অমিয়া সুৰেৰে মুখৰিত বংগৰ আকাশ-বতাহঃ সত্ৰীয়া কৰ্মশালাৰ সামৰণি
গুৰু দুজনাৰ অমিয়া সুৰেৰে মুখৰিত বংগৰ আকাশ-বতাহঃ সত্ৰীয়া কৰ্মশালাৰ সামৰণি

ডিজিটেল সংবাদ ধুবুৰীঃ কোচবিহাৰৰ মধুপুৰ সত্ৰ সমিতিৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত যোৱা ৭ আগষ্টৰ পৰা ১৬ আগষ্টলৈ উত্তৰবংগৰ জলপাইগুৰিৰ আমগুৰি নামঘৰ তথা সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হোৱা থিয়নাম, প্ৰসংগ আৰু বৰগীতৰ ১০ দিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি অনুষ্ঠান আমগুৰি সত্ৰ প্ৰাংগণত বৰ্ণাঢ্য ৰূপত অনুষ্ঠিত হয়। মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে, উত্তৰবংগৰ ৫০ গৰাকী যুৱক-যুৱতীয়ে এই প্ৰশিক্ষণ কৰ্মশালাত অংশগ্ৰহণ কৰে।

বংগ ভাষী এই যুৱক-যুৱতীসকলে প্ৰশিক্ষণত অংশগ্ৰহণ কৰি গুৰু দুজনাৰ অনবৈদ্য সৃষ্টি থিয়নাম, প্ৰসংগ আৰু বৰগীতৰ প্ৰশিক্ষণ অতি সফলতাৰে গ্ৰহণ কৰি অসমৰ এই আপুৰুগীয়া সত্ৰীয়া সংস্কৃতিক উত্তৰবংগৰ বিভিন্ন প্ৰান্তত বাংলা ভাষী লোকসকলৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লগতে সংৰক্ষণ কৰাৰ কাৰণে সংকল্প গ্ৰহণ কৰে। প্ৰধানতঃ কৃষি প্ৰধান আমগুৰি অঞ্চলৰ লোকসকলৰ মাজত অসমৰ এই বৰ্ণিল সত্ৰীয়া সংস্কৃতিক জীয়াই ৰখাৰ বাবে চলাই থকা নীৰলস প্ৰচেষ্টাই গুৰু দুজনাই সীমাৰ পৰিধি অতিক্ৰম কৰি এখন বহল আৰু সু-সংগঠিত সমাজ গঢ়াৰ যি সপোন ৰচনা কৰিছিল আজি সেই সপোন উত্তৰবংগৰ নতুন প্ৰজন্মই বাস্তৱ ৰূপ দিয়াৰ বাবে গ্ৰহণ কৰা ঐতিহাসিক প্ৰচেষ্টাই অসমৰ অতি চহকী এই সংস্কৃতিৰ উত্তৰণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক অনবৈদ্য অৱদান আগবঢ়াব।

সত্ৰ সমিতিৰ সম্পাদক হৰিদেৱ দাসৰ তত্বাৱধানত অনুষ্ঠিত হোৱা এই কৰ্মশালাৰ সামৰণি অনুষ্ঠান উদ্বোধন কৰে আমগুৰিৰ অঞ্চল প্ৰধান দিলীপ ৰয়ে। অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অঞ্চল সভাপতি শশীমোহন ৰয় আৰু আমগুৰি সত্ৰৰ নামাচাৰ্য্য মধু ৰয়।

অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে থিয়নাম আৰু বৰগীত পৰিৱেশন কৰি সত্ৰীয়া সংস্কৃতিৰ অপূৰ্ব সুৰেৰে বংগৰ আকাশ বতাহ মুখৰিত কৰি তোলে। প্ৰশিক্ষণত প্ৰশিক্ষণ প্ৰদান কৰে বৰপেটাৰ বিশিষ্ট সত্ৰীয়া শিল্পী নৱ কুমাৰ দাস পাঠক আৰু ৰামায়ণ দাসে।

গুৰু দুজনাৰ অমিয়া সুৰেৰে মুখৰিত বংগৰ আকাশ-বতাহঃ সত্ৰীয়া কৰ্মশালাৰ সামৰণি
দৰং কলেজৰ ছাত্ৰীক ৰাজপথত ছুৰিকাঘাট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in