/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/39a1761e-685e-4d4e-aa2c-daebcdc74fb6/madhupur_satra.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : ঐতিহাসিক মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ প্ৰায়ত লক্ষ্মীকান্ত মহন্তৰ অবৰ্তমানত ডেকা সত্ৰাধিকাৰ পীতাম্বৰ ভকতক ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ হিচাপে সত্ৰ সমিতিয়ে মনোনীত কৰি সত্ৰাধিকাৰৰ কাৰ্যভাৰ চলাই নিবলৈ দায়িত্ব অৰ্পণ কৰা বিষয়ত সত্ৰ সমিতিৰ ব্যৱস্থাপনাৰ সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰকাশ হোৱা মতামত আৰু বাতৰি সত্ৰ সমিতিৰ দৃষ্টি গোচৰ হৈছে।
মধুপুৰ সত্ৰ সমিতিৰ মুখ্য কাৰ্য্যালয় গুৱাহাটীৰ পৰা সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে প্ৰকাশ কৰা এটা বিবৃতিত একাংশ ভক্তপ্ৰাণ লোকে প্ৰয়াত সত্ৰাধিকাৰ গৰাকীয়ে শাৰীৰিক অসুস্থতাৰ বাবে পৰিচৰ্যা কৰিবলৈ নিয়োগ কৰা মাধৱ মহন্ত নামৰ এগৰাকী যুৱকক সত্ৰৰ ডেকা সত্ৰাধিকাৰ হিচাপে পৰম্পৰাগত বিধি মতে ডেকা সত্ৰাধিকাৰ ৰূপে মনোনীত কৰি নিৰ্মালি প্ৰদান কৰা বুলি প্ৰচাৰিত বাতৰি, ভিত্তিহীন, কল্পনাপ্ৰসূত আৰু ভকত সমাজক বিভ্ৰান্ত কৰিবলৈ চলোৱা এক গভীৰ ষড়যন্ত্ৰ বুলি সত্ৰ সমিতিয়ে মত প্ৰকাশ কৰে।
২০২১ চনত মাধৱ মহন্ত নামৰ জনক ডেকা সত্ৰাধিকাৰ হিচাপে মনোনীত কৰা বুলি সেই সময়ৰ একাংশ সংবাদ মাধ্যমৰ বাতৰি প্ৰকাশ হোৱাৰ পিছত সত্ৰ সমিতিৰ লগত প্ৰয়াত সত্ৰাধিকাৰৰ সৈতে হোৱা আলোচনাত সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই মাধৱ মহন্তক ডেকা সত্ৰাধিকাৰ পতা বুলি প্ৰকাশ হোৱা বাতৰি মিছা বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিছিল।
মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ মনোনয়নৰ পৰম্পৰা মতে বৰপেটা সত্ৰই মালা নিৰ্মালি দিয়া পীতাম্বৰ ভকতে ২০১২ চনৰ পৰা লক্ষ্মীকান্ত মহন্তৰ বিয়োগৰ আগমূহুৰ্ত লৈ ডেকা সত্ৰাধিকাৰ হিচাপে কাম কাজ চলাই আছিল। ১৯৬০ চনৰ পৰাই গুৱাহাটীৰ পানবজাৰ শাখা সত্ৰত মুখ্যকাৰ্যালয় স্থাপন কৰি বৰ্তমানলৈ মধুপুৰ সত্ৰ সমিতিয়ে সত্ৰখনৰ উন্নয়ন তথা আধ্যাত্মিক আৰু ধৰ্মীয় পৰিৱেশ সুস্থ কৰি ৰখাৰ বাবে অহৰহভাৱে কাৰ্য্য ব্যৱস্থা অব্যাহত ৰাখিছে।
অসমৰ ৰাজধানী চিলঙত থকাৰ পৰা ৰাজধানী সলনি হোৱাৰ পিছত গুৱাহাটীৰ পৰা অসমৰ সমাজ জীৱনৰ পুৰোধা ব্যক্তি বিমলা প্ৰসাদ চলিহা, মহেন্দ্ৰ মোহন চৌধুৰী, ফখৰুদ্দিন আলি আহমেদৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাৰ ঐকান্তিক প্ৰচেষ্টাত সত্ৰখনে গুৰুজনাৰ আদৰ্শ বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যত আগুৱাই হৈ আছে।
বিবৃতিটোত সত্ৰ সমিতিয়ে, মধুপুৰ সত্ৰৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেইজন মান নিৰ্দিষ্ট ব্যক্তি আৰু দুখন মান নিৰ্দিষ্ট সত্ৰইহে আগ ভাগ লৈ থকা বুলি মন্তব্য অতি নিম্নমানৰ আৰু হাস্যকৰ বুলি অভিহিত কৰে। প্ৰণিধান যোগ্য যে, অসম সত্ৰ মহাসভাৰ সভাপতি জীতেন্দ্র নাথ প্ৰধানীয়ে বৰ্তমান মধুপুৰ সত্ৰ সমিতিৰ দায়িত্ব পালন কৰাৰ উপৰিও অসমৰ প্ৰতিটো প্ৰান্তৰ সত্ৰ আৰু ধৰ্মপ্ৰাণ ৰাইজ সত্ৰ সমিতিৰ লগত সংযুক্ত হৈ আছে।
ইয়াৰ উপৰিও সত্ৰ সমিতিৰ উদ্যোগত পশ্চিমবংগৰ বিভিন্ন অঞ্চলত নামঘৰ আৰু সত্ৰ স্থাপন কৰি গুৰুজনাৰ বৈষ্ণৱ ধৰ্মক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আজীৱন কাম কৰি আহিছে। কেতবোৰ প্ৰতিক্ৰিয়াহীন চক্ৰই ভূল তথ্যপাতিৰে ৰাইজক বিভ্ৰান্ত কৰি সত্ৰখনৰ পৰম্পৰাক নস্যাৎ কৰাত প্ৰচেষ্টাক প্ৰতিহত কৰিবলৈ সত্ৰ সমিতিয়ে ভক্তপ্ৰাণ ৰাইজক আহ্বান জনায়।
Also Read: ৰাহুল গান্ধীৰ সাংসদ পদ ঘূৰাই দিয়াৰ দাবীত কংগ্ৰেছৰ সংবাদমেল...