ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰীস্থিত চেণ্ট্ৰেল জিএছটিত চাকৰি দিয়াৰ নামত জিলাখনৰ প্ৰায় শতাধিক যুৱক-যুৱতীক ৰোহিত সৰকাৰ নামৰ এজন যুৱকে কেইবা লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। টকাৰ বিনিময়ত চাকৰিৰ বজাৰ খুলি ৰোহিত সৰকাৰে চেণ্ট্ৰেল জিএছটিৰ নামত ভুৱা ছীল-মোহৰ আদি বনাই চহৰখনৰ শতাধিক যুৱক-যুৱতীৰ প্ৰতিজনৰ পৰা ৪-৫ হাজাৰ টকাকৈ সংগ্ৰহ কৰিছিল।
ইপিনে ৰোহিত সৰকাৰে প্ৰদান কৰা চাকৰিৰ নিযুক্তি পত্ৰ লাভ কৰি শতাধিক যুৱক যুৱতীয়ে আজি হাহাকাৰ কৰিব লগীয়া হৈছে। ধন আদায় দিয়া যুৱক যুৱতী সকলক ৰোহিত সৰকাৰে দিয়ে ভুৱা নিযুক্তি পত্ৰ। পিচত আৰক্ষীয়ে ৰোহিত সৰকাৰৰ বাসস্থানত গৈ তেঁওক আটক কৰে। চাকৰি দিয়াৰ নামত শতাধিক যুৱক যুৱতীৰ পৰা এইজন মহা প্ৰৱঞ্চক ৰোহিত সৰকাৰে সংগ্ৰহ কৰিছে ৫ৰ পৰা ১০ হাজাৰ কৈ টকা। অকল ধন সংগ্ৰহ কৰাই নহয় শতাধিক যুৱক যুৱতীক তেঁও ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰিছিল।
প্ৰথমতে নিযুক্তিৰ তাৰিখ ২০ আগষ্ট দিয়ে যদিও পুনৰ কাৰিকৰী কাৰণ দেখুৱাই তাৰিখ সলনি কৰি ২১ আগষ্টত অৰ্থাৎ আজি ধুবুৰী চেণ্ট্ৰেল জিএছটি ৰ কাৰ্যালয়ত গৈ চাকৰিত যোগদান কৰিবলৈ যুৱক -যুৱতী সকলক তেঁও কয়। বুধবাৰে শতাধিক যুৱক-যুৱতীয়ে চাকৰিত যোগদান কৰিবলৈ আহি উক্ত নিযুক্তি পত্ৰখন ভুৱা বুলি জানিব পাই যুৱক যুৱতীৰ দলটোৱে মহা প্রবঞ্চক ৰোহিত সৰকাৰৰ ধুবুৰীৰ আৰ কে মিছন ৰোডস্থিত বাসগৃহত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
পৰবৰ্তী সময়ত ধুবুৰী কলেজ নগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহা প্ৰৱঞ্চক ৰোহিত সৰকাৰক আটক কৰি থানালৈ লৈ যায়। ইফালে মহা প্ৰৱঞ্চক ৰোহিত সৰকাৰৰ বাসগৃত বহু ভুৱা নিযুক্তি পত্ৰ, চৰকাৰী ছিল মোহৰ উদ্ধাৰ হয়। ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰা যুৱক- যুৱতী সকলক দহ দিনীয়া প্ৰশিক্ষণো প্ৰদান কৰিছে মহা প্ৰৱঞ্চক ৰোহিত সৰকাৰে। ইপিনে মহা প্ৰৱঞ্চক ৰোহিতৰ এই অবৈধ কাৰ্যৰ লগত আন কোনোবা জড়িত আছে নেকি সেই সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।