ধুবুৰী জিলা নাগৰিক মঞ্চৰ অৱস্থান ধৰ্মঘট

ধুবুৰী জিলা নাগৰিক মঞ্চৰ অৱস্থান ধৰ্মঘট

author-image
Asomiya Pratidin
New Update
ধুবুৰী জিলা নাগৰিক মঞ্চৰ অৱস্থান ধৰ্মঘট

ডিজিটেল সংবাদ, ধুবুৰী: বাংলাদেশত থকা হিন্দু নাগৰিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু কলকাতাত মহিলা চিকিৎসক এগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা অপৰাধীক কঠোৰ শাস্তিৰ দাবীত বুধবাৰে ধুবুৰী জিলা নাগৰিক মঞ্চই ধুবুৰীৰ গুৰুদ্বাৰৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

এই প্ৰতিবাদ কাৰ্যসূচীৰ পিচত ধুবুৰী জিলা নাগৰিক মঞ্চৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী মহিবুল হকে ধুবুৰী জিলাৰ বিভিন্ন সমস্যাৰ সমধানৰ দাবীত ১৫টা দাবী সম্বলিত এখন স্মাৰক পত্ৰ ধুবুৰী জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰদান কৰে।

Also Read: লখিমপুৰত 'স্মৃতিৰ সোণোৱালী ক্ষণ' অনুষ্ঠান

dhubri