/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/d887ef46-d912-4bc0-a2c0-146e3c64c95d/228.jpg)
ডিজিটেল সংবাদ,বিলাসীপাৰা : সুদীৰ্ঘ ১০ বছৰৰ অন্তত বিলাসীপাৰাৰ একমাত্ৰ ঐতিহাসিক শ্ৰীশ্ৰী মহামায়া মন্দিৰ,শ্ৰী শিৱ মন্দিৰ আৰু শ্ৰীশ্ৰী ৰাধাগোবিন্দ মন্দিৰৰ বিগ্ৰহ স্থাপন আৰু প্ৰাণ প্ৰতিষ্ঠানৰ লগতে নতুনকৈ স্থাপন কৰা মন্দিৰৰ শনিবাৰে শুভ উদ্বোধন কৰা হয়। উল্লেখ্য যে, বিলাসীপাৰা চহৰৰ মাজমজিয়াৰ উপাসনাস্থলী শ্ৰীশ্ৰী মহামায়া মন্দিৰ ১৯৩৫ চনত স্থাপিত হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/0519d3e4-5331-467b-a12a-bdbc30a0fd41/d069c2de_ecae_4719_b861_c5b9abf12adf.jpg)
এই মন্দিৰটো পুনৰ যোৱা ২০১৩ চনত বিলাসীপাৰাৰ ভক্তপ্ৰাণ ৰাইজে পুনৰ নিৰ্মাণৰ কাৰ্যসূচী হাতত লৈ ১০বছৰৰ অন্তত সম্পূৰ্ণকৈ নিৰ্মাণ কৰে। আজি শুভ উদ্বোধন কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা ৮-০০ বজাত কলহ যাত্ৰা,সন্ধিয়া ৭-০০ বজাৰ পৰা ভক্তিমূলক সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/4c797177-192f-410c-b33c-3854b6a3118f/eafe5f11_1876_44e7_8631_65fa3da6a790.jpg)
আনহাতে দেওবাৰে পুৱা ৮-০০ বজাৰ পৰা মণ্ডপ পূজন,আবেলি ৩-০০ বজাৰ পৰা ধৰ্ম সভা,সন্ধিয়া ৭-০০ বজাৰ পৰা ভক্তিমূলক সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হ'ব। ইয়াৰোপৰি অধিবাস পূজা, সন্ধিয়া ভক্তিমূলক সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/9de4ba19-4293-44db-a3ef-4e6bc782ca77/f07fb758_9af7_46c2_bb9c_8dc5fd5e092b.jpg)
আনহাতে ১২, ১৩ ফেব্ৰুৱাৰীতো একেই কাৰ্যসূচী ৰখা হৈছে। ইফালে অন্তিম দিনা অৰ্থাৎ ১৪ ফেব্ৰুৱাৰী বুধবাৰ দিনা নৱনিৰ্মিত বিগ্ৰহৰ প্ৰাণ প্ৰতিষ্ঠা আৰু পূৰ্ণাহুতি আৰু ভক্তপাণ ৰাইজৰ মাজত প্ৰসাদ বিতৰণ পালন কৰা হ'ব বুলি শ্ৰীশ্ৰী মহামায়াবাৰী কমিটিৰ সম্পাদক গোপাল চন্দ্ৰ সাহাই জনায়। আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত চহৰখনৰ অগণন লোকৰ সমাগম ঘটিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/fcac092b-c769-445f-b094-957f6795db87/d39dcb1e_20f3_43bc_baa6_5f9afaa8cac5.jpg)
Also Read: ঘাঁহী মহমৰীয়া আঞ্চলিক হাইস্কুলৰ প্ৰতিষ্ঠা দিৱস পালন