গৌৰীপুৰত ভয়ংকৰ মাৰপিটৰ ঘটনা...

গৌৰীপুৰত ভয়ংকৰ মাৰপিটৰ ঘটনা...

author-image
Asomiya Pratidin
New Update
উৎকোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ ষষ্ঠ খণ্ডৰ অষ্টমীৰচৰ গাঁৱত সংঘটিত হৈছে মাৰপিটৰ ঘটনা। জানিব পৰা মতে মাটি- বাৰীক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে বিয়লি সংঘটিত হৈছে এক ভয়ংকৰ মাৰপিটৰ ঘটনা।

Advertisment

আত্মীয়ই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি আহত কৰে তিনি ভতিজাক। জানিব পৰা মতে দীৰ্ঘদিনৰ পৰাই এডোখৰ মাটিক লৈ খুৰা আৰু ভতিজাকৰ মাজত তীব্ৰ কাজিয়া চলি আছিল।

আহত তিনিজনক ৰফিক আলীৰ তিনি পুত্ৰ নাছিৰ উদ্দিন, হাফিজুৰ ৰহমান, আৰু আব্দুল কুদ্দুচ বুলি চিনাক্ত কৰা হৈছে।

স্থানীয় ৰাইজে আহত তিনিওজনকে সংকটজনক অৱস্থাত গৌৰীপুৰ সমুহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে। উক্ত ঘটনাক লৈ অঞ্চল জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Also Read: ৰঙিয়াত পৰিয়াল পৰিকল্পনামূলক সজাগতা সভা

Assam police